প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ মনোজ ডেকা, ২৯ জুনঃ বিশ্বসন্ত্ৰাস সৃষ্টি কাৰি কৰোনা ভাইৰাছে দেশৰ লগতে অসমতো এক আতংকৰ পৰিবেশ সৃষ্টি কৰিছে৷
ইয়াৰ বাবেই ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে দিন ৰাতি একাকাৰ কৰি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অগ্ৰনী ভূমিকা গ্ৰহণ কৰিছে৷
তথাপি এচাম জনসাধাৰণে চৰকাৰে দিয়া নীতি নিয়ম মানিবলৈ অপৰাগ৷ সেইবাবেই প্ৰতিটো দিনত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷
চলিত সপ্তাহত মহানগৰীত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কভিড ১৯ আক্ৰান্তৰ সংখ্যা৷ গণ-সংক্ৰমণে ব্যাপক ৰূপ ধাৰণ কৰিছে মহানগৰীৰ বিভিন্ন অঞ্চলত৷
ইতিমধ্যে ২৯জুনৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰত সম্পূৰ্ণ লকডাউন ঘোষনা কৰিছে৷তৎসত্বেও এচাম জনসাধাৰণ সচেতনতাৰ অভাৱ বাৰুকৈয়ে দেখিবলৈ পোৱা গৈছে৷
ইয়াৰ সমান্তৰালভাৱে এচাম সচেতন নাগৰিকে নিজে সম্পূৰ্ণ চৰকাৰী নীতিনিয়ম পালন কৰাৰ লগতে ক’ৰ’ণা যুদ্ধৰ সমভাগী হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে৷
মহানগৰীৰ পূৱগুৱাহাটী সমষ্টিৰ অমিত কলিতা আৰু টেনেমেন্টছ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ তৰফৰ পৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতত চৰকাৰলৈ চেক যোগে ধন আগবঢ়াই৷
এইক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী তথা পুৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত চেক প্ৰদান কৰে৷
উল্লেখ্য যে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অ’ এছ ডি ৰঞ্জিত মজুমদাৰ উপস্থিত থাকে৷