প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৯ জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা বাণিজ্য শাখাত মেঘা মজুমদাৰে অষ্টম স্থান লাভ কৰি ঐতিহাসিক শিৱসাগৰ জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
শিৱসাগৰৰ বাবুপট্টিৰ বাসিন্দা পেছাত স্বৰ্ণকাৰ দিলীপ মজুমদাৰৰ কনিষ্ঠ কণ্যা মেঘা মজুমদাৰে ঘোষণা কৰা ফলাফলত মুঠ ৫৫৩ নম্বৰ লাভ কৰিছে ৷
ইংৰাজী, অ’লটাৰনেট ইংৰাজী, একাউণ্টেঞ্চি, বেংকিং, বিজনেছ ষ্টাডি, কম্পিউটাৰ ছাইন্সত লেটাৰ নম্বৰসহ অষ্টম স্থান লাভ কৰিছে শিৱসাগৰ জুনিয়ৰ কলেজৰ ছাত্ৰী মেঘাই৷
আনহাতে সংবাদ মাধ্যমৰ যোগেদি স্বেচ্ছাসেৱী অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতি, সাংস্কৃতিক সম্পাদিকা অংকুৰীমা বৰুৱা, বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চ, শিল্পী সমাজ অসম শিৱসাগৰ জিলা সমিতি, সমাজকৰ্মী তথা শিৱসাগৰ জিলা হিন্দু ক্ৰান্তি দলৰ সভানেত্ৰী স্নিগ্ধা শইকীয়া, জিলা সাধাৰণ জাতি বিকাশ পৰিষদৰ সভাপতি অনংগমোহন শৰ্মা, শিৱসাগৰ কেন্দ্ৰীয় বজাৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ বেজবৰুৱা, জিলা নৱ নিৰ্মাণ ভাৰত, শিৱসাগৰ বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰৰ সম্পাদক মনোজ ভাগৱতীয়ে শুভকামনা জ্ঞাপন কৰাৰ লগতে মেঘাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।