মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাঃ আন্দোলনৰ ভাবুকি

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৯ জুনঃ এফালে ক’ৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা ত্ৰাসৰ ফলশ্ৰুতিত সাধাৰণ জনতাৰ ব্যৱসায় বাণিজ্য তথা উপাৰ্জন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে।

যাৰফলত আয়-উপাৰ্জন শূণ্যৰ দিশলৈ গতি কৰিছে। আনফালে নিত্য প্ৰয়োজনীয় সামগ্ৰী, খাদ্য সামগ্ৰী, ইন্ধন আদিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ জৰিয়তে সাধাৰণ জনতাৰ জীৱন বিপন্ন কৰি পেলোৱা হৈছে।

প্ৰকৃততে এই চৰকাৰখনে সাপ হৈ খুঁটিছে আৰু বেজ হৈ জাৰিছে। এই শাসনাধিষ্ঠ চৰকাৰখনে সাধাৰণ জনতাক অৰ্থনৈতিকভাৱে হত্যা কৰিব খুজিছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশ জ্যোতি দাসে।

পৰশ জ্যোতি দাসে কয় যে, এনে এটা পৰিবেশত চৰকাৰে কৰণীয় আছিল কি আৰু কৰিছে কি? এয়া সাধাৰণ জনতাৰ প্ৰতি কৰা চৰকাৰৰ অমানুষিক অত্যাচাৰ।

প্ৰকৃততে চৰকাৰখনে নিজৰ অকমন্যতা, কু মানসিকতা, কু-ষড়যন্ত্ৰৰ পৰিচয় দিছে বুলিও অভিহিত কৰিছে সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে।

অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰিছে সদৌ অনুসূচিত জাতি জাতি ছাত্ৰ সন্থাই।

অন্যথা বৃহৎ আন্দোলনৰ সন্মুখিন হ’ব লাগিব বুলি সকীয়নি প্ৰদান কৰিছে সন্থাই।

সন্থাই লগতে কয় যে এনে বিজ্ঞাপনধৰ্মী, ফেচিষ্টবাদী, অকৰ্মণ্য চৰকাৰখনৰ পৰা ইয়াতকৈ বেছি আশা কৰিব পৰা নাযায়।

আগন্তুক বিধানসভা নিৰ্বাচনত সাধাৰণ জনতাই উচিত প্ৰত্যুত্তৰ দিব বুলিও সোঁৱৰাই দিয়ে নেতাগৰাকীয়ে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here