বাঘমাৰীত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৯ জুনঃ বিহালী বিধান সভা সমষ্টিৰ বাঘমাৰী অঞ্চলৰ গৌৰৱ পিতৃ কাদেৰ আলি আৰু মাতৃ হামিতন নেছাৰ সু-পুত্ৰ ছখমত আলি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৩৫০ নম্বৰৰে বিজ্ঞান শাখাত অসমীয়া,জীৱ বিজ্ঞান আৰু ভূগোল বিজ্ঞানত লেটাৰ নম্বৰসহ সমগ্ৰ বিশ্বনাথ তথা বাঘমাৰী অঞ্চল উজলাই তুলিছে।

ছখমতে চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগ লাভ কৰে।দৰিদ্ৰতাৰ সীমা অতিক্ৰম কৰি গৰীৱ কাদেৰৰ সন্তানে আনিলে গৌৰৱ।বিজ্ঞান শাখাত পঢ়িও ট্ৰেক্টৰত মাটি কাটি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল।

পিতৃ পেচাত এজন মাছমৰীয়া যদিওঁ নিজৰ ঘৰ চলোৱাতেই বহু কষ্টেৰে জীৱন সংগ্ৰাম চলাই নিছিল।দৰিদ্ৰতা শৈক্ষিক দিশত কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰে প্ৰমাণ বিশ্বনাথৰ ছখমতে।

সেয়েহে ছখমত আলিক বিহালী বিধানসভা সমষ্টিৰ বিধায়ক,বিহালী সমষ্টিৰ সমাজ সেৱকসকললৈ বিনম্ৰ অনুৰোধ যে অনাগত দিনত বিজ্ঞান শাখাত ডিগ্ৰী কৰিবলৈ হ’লে বহুপৰিমানৰ অৰ্থৰ প্ৰয়োজন।

পঢ়াৰ খৰচসমূহৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে ছখমতে।ডেফনি জনিয়ৰ কলেজৰ ছাত্ৰী পিতৃ নুৰ জামাল হ’ক আৰু মাতৃ আইন নেছাৰ সু-সন্তান ৰাছিদা বেগমে আজুৰি আনিছে সু-ফলাফল।

সৰ্ব্ব মুঠ ৪০৭ নম্বৰৰে ইংৰাজী,ঐচ্ছিক ইংৰাজী,শিক্ষা আৰু ভূগোল বিজ্ঞান বিষয়ত লেটাৰ নম্বৰ লাভ,পিতৃ হজৰত আলি আৰু মাতৃ ছুন্দৰী বেগমৰ সু-পুত্ৰ ছফিকুল ইছলাম আৰু পিতৃ হাৰুণ ৰছিদ আৰু মাতৃ ফুলভানু নেছাৰ সু-পুত্ৰ আমিনুৰ ইছলাম আৰু পিতৃ আব্দুল ৰহমান আৰু মাতৃ ছেহেনাছ বেগমৰ সু-সন্তান ৰমিছা বেগমে আজুৰি আনিলে প্ৰথম বিভাগ।

এইসকল কৃতি ছাত্ৰ-ছাত্ৰীয়ে বাঘমাৰী বাসীক গৌৰান্বিত কৰিছে।কৃতি ছাত্ৰ-ছাত্ৰীসকলে যি সাফল্য কঢ়িয়াই আনিছে তাৰ বাবে বিভিন্ন প্ৰতিষ্ঠানৰ লগতে বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদে উষ্ম আদৰণি লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

বাঘমাৰী আঞ্চলিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অন্যতম উপদেষ্টা ছহিদুল ইছলাম,বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি তথা নৰ্থ বেঙ্ক জনিয়ৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিষয় শিক্ষক দিলোৱাৰ হুছেইন,সভাপতি ইমাম হুছেইন,সাধাৰণ সম্পাদক মোস্তাফিজুৰ ৰহমান আৰু আমিল হ’ক,বিত্ত সম্পাদক আশ্ৰাফ আলি,কাৰ্যকৰী সভাপতি জৈয়ব আলি,উপ সভাপতি ছফিকুল ইছলাম,সহঃ সম্পাদক দিলদাৰ হুছেইন আৰু শিক্ষা সম্পাদক আব্দুল হাছিদে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here