পথৰুঘাটৰ গৌৰৱ কৃতী ছাত্রী পূৱালী ডেকাক অভিনন্দন ড০ পৰমানন্দ ৰাজবংশীৰ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৯ জুনঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত পথৰুঘাটৰ গৌৰৱ পূৱালী ডেকাক নিজ গৃহত অভিনন্দন জ্ঞাপন কৰে।

উল্লেখ্য যে কৃতী ছাত্রীগৰাকীক আগন্তুক শিক্ষাগ্ৰহণৰ বাবে প্ৰযোজনীয় সকলো ধৰণৰ ব্যৱস্থা প্ৰদান কৰিম বুলি আশ্বাস প্ৰদান কৰে।

ৰাজবংশীক সংগ দিয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্র চহিৰ ভূঞা, ধনভৰালী কনক বৰা, ৰানা বৈশ্য প্ৰাক্তন দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা, দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক কুলেন্দ্ৰ নাথ ডেকা,ছাত্র নেতা তথা ,পথৰু সমন্বয় গোষ্ঠী,পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইন , সদস্য ছাজিছ আলমে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here