লকডাউন আৰু সান্ধ্য আইনৰ মাজতেই শিৱসাগৰ নগৰৰ মাজমজিয়াত জুৱাৰ বৃহৎ ঘাটি উৎখাতঃ গৰাকী পলাতক

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৯ জুনঃ লকডাউন আৰু সান্ধ্য আইনৰ মাজতেই শিৱসাগৰত বৃহৎ জুৱাৰ ঘাটি উৎখাত ৷ শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ গায়েনগাঁও নিবাসী তথা শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সঞ্জীৱ দত্ত ওৰফে (পি) ৰ ঘৰত কেইবামাহো ধৰি চলি আছিল এই বৃহৎ জুৱাৰ আড্ডা।

শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষী দলটিয়ে গোপন সূত্ৰৰ পম খেদি অলপতে এক অভিযান চলাই সন্ধিয়া জুৱা খেলি থকা অৱস্থাতে হাতেলোটে ধৰে ছয় জুৱাৰীক।

ৰহস্যজনকভাৱে যোৱা কেইবামাহো ধৰি গোপনভাৱে চলি থকা এই জুৱাৰ আড্ডাৰ পৰা প্ৰায় ২ লাখ টকাৰ নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, লকডাউনৰ জৰুৰীকালীন সময়চোৱাত চাৰিওফালে আৰক্ষী টহল দি থকা অৱস্থাত নগৰৰ মাজমজিয়াত এনেদৰে লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত হৈ থকা বিষয়টোৱে সচেতনমহলক চিন্তিত কৰি তুলিছে৷

আৰক্ষীয়ে আটক কৰা জুৱাৰীকেইটা হৈছে ক্ৰমে শিৱসাগৰৰ পৰিচিত ব্যৱসায়ী ৰাজেশ জৈন, শিৱসাগৰ জি এন জি পথৰ মাংগীলাল মহেশ্বৰীৰ স্বত্বাধিকাৰী মনোজ দাগা, ব্যৱসায়ী পৱন ৰাথী, মাৰোৱাৰীপট্টিৰ মমতা ফেস্যনৰ স্বত্বাধিকাৰী সন্তোষ কয়াল, অমিত গোৱেল আৰু মাৰোৱাৰীপট্টিৰ বালাজী মাৰ্কেটৰ কম্পিউটাৰ দোকানৰ স্বত্বাধিকাৰী গোড্ডু আগৰৱালা ওৰফে প্ৰকাশ আগৰৱালা। ইফালে আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় দৌলমুখ গায়েন গাওঁৰ জুৱাৰ আড্ডাৰ গৰাকী সঞ্জীৱ দত্ত ওৰফে “পি” ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here