উচ্চতৰ মাধ্যমিক পৰীক্ষাত দশম স্থানত ধমধমাৰ মমিনা আখতাৰ শিক্ষয়িত্ৰী হোৱাৰ মন মমিনাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা,২৯ জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত উজলিল নলবাৰী জিলাৰ ধমধমাৰ মেধাবী ছাত্ৰী মমিনা আখতাৰ।

ধমধমাৰ লুইত একাডেমীৰ ছাত্ৰী মমিনাই কলা শাখাত অসমৰ ভিতৰত দশম স্থান দখল কৰিবলৈ সক্ষম হয়।ৰাতিপুৱাৰে পৰা বৰষুণ।

তথাপি বৰষুণৰ মাজতে উৎসৱমুখৰ হৈ পৰে ধমধমা। মমিনা আখতাৰৰ এই সফলতাক লৈ আনন্দৰ বন্যা নামিছে ধমধমাত।

৪৬৬নম্বৰ লাভ কৰিছে মমিনাই। ইংৰাজী–৯১,অসমীয়া–৯৬,ৰাজনীতি বিজ্ঞান– ৯৩,শিক্ষা–৮৯,তর্ক বিজ্ঞান –৯৭, অৰ্থ বিজ্ঞান –৮৫ ।

ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ মন। দৈনিক ১২-১৩ ঘন্টা পঢ়া বুলি সাংবাদিকৰ আগত কয়।

মমিনাই পৰিয়ালৰ লোকৰ উপৰি শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰে।

ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে মমিনাক সম্বৰ্ধনা জ্ঞাপন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here