প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৯ জুনঃ ধমধমাত পাগলাদিয়াৰ বানৰ সংহাৰী ৰূপ ।বাক্সাৰ জাৰতালুকত নিৰ্মাণ কৰি থকা মথাউৰিটো চিঙিলে বানে ।
বাগানপাৰা ৰাজহ চক্ৰৰ গোৱালবিল, ভেৰভেৰী, উত্তৰ বৰশিৰাল, নিজ বৰশিৰালত, জাৰতালুক, গড়ভিতৰ, উজিৰখাট গাঁও জলমগ্ন।
ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চটাইবাৰী গাঁৱো জলমগ্ন।
দ্ৰুত গতিত বাঢ়িবলৈ লোৱা পানীয়ে নিশাৰ ভাগত অধিক ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে।পাগলাদিয়াৰ বানে চিঙিলে কেইবাটাও পথ। সম্পূৰ্ণৰূপে বিচ্ছিন্ন হ’ল ধমধমা-ৰঙিয়া গড়কপ্তানি পথ।
পথটোৰ দুঠাইত চিঙিলে বানে। বিধ্বস্ত পথ পৰিদৰ্শন কৰিলে নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মাই।
শীঘ্ৰেই মেৰামতি কৰি যাতায়াত সুচল কৰাৰ বাবে গড়কপ্তানি বিভাগক নিৰ্দেশ বিধায়কগৰাকীৰ।
Facebook Comments