প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৯ জুনঃ চৌদিশে পানী কেৱল পানী। সাগৰ সদৃশ পৰিবেশ।পথাৰবোৰত প্ৰায় সেউজীয়া গজালি মেলিছিল হে মাথোঁ। কিন্তু বছৰটোৰ পাগলাদিয়াৰ দ্বিতীয়তো বানে থানবান কৰিলে পথাৰ, বাট-পথ।বাক্সা আৰু নলবাৰীত ভয়ংকৰ ৰূপত বাঢ়িছে পাগলাদিয়াৰ পানী ।
বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়াল। পথৰ ওপৰত এককাল পানী । জলবন্দী হৈ পৰিছে ১২ খন গাঁৱৰ ৰাইজ।
বাক্সাৰ গোৱালবিল , ভেৰভেৰী , পটাৰপাৰ , উত্তৰ বৰশিৰাল , নিজ বৰশিৰাল , গড়ভিতৰ , উজিৰখাট, জাৰতালুক , ঘোঁৰামাৰা। নলবাৰী জিলাৰ চটাইবাৰী , বালিতাৰাও পানীৰ তলত । কʼৰোণাৰ বাবে আশ্ৰয় শিবিৰলৈ অহা নাই বানাক্ৰান্তই । বানাক্ৰান্তৰ খবৰো লোৱা নাই প্ৰশাসনে।
Facebook Comments