পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে ধমধমা -ৰঙিয়া সংযোগী গড়কাপ্তানি পথ

প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২৯ জুনঃ পাগলাদিয়াই বানৰ সংহাৰী ৰূপ ধাৰণ কৰাত ধমধমা অঞ্চলৰ ন ন অঞ্চল বানৰ কৱলত পৰাত ৰাইজৰ মাজত হাহাকাৰ লাগিছে ।

বানে সংহাৰী ৰূপ ধাৰণ কৰাত নলবাৰী সমষ্টিৰ ধমধমা -ৰঙিয়া সংযোগী গড়কাপ্তানি পকী পথৰ চটাইবাৰী গাঁও পঞ্চায়তৰ সমীপত প্ৰায় বিশ মিটাৰ চিঙি নিয়াত ৰাইজৰ যাতায়ত -যোগাযোগ ব‍্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।

ইফালে বাক্সাৰ জাৰতালুকত নিৰ্মাণ কৰি থকা মথাউৰিটো কালি আবেলি ছিঙি নিয়াৰ ফলত বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গোৱালবিল,ভেৰভেৰী,উত্তৰ বৰশিৰাল,কাল্লেপাৰ,নিজবৰশিৰাল,জতাতালুক,গড়ভিতৰ,উজিৰখাট আদি গাঁও জলমগ্ন হোৱাৰ উপৰিও নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চটাইবাৰী গাঁও বানৰ কৱলত পৰিছে।

ইফালে দ্ৰুতগতিত বাঢ়ি অহা বাঢ়নী পানীয়ে বৃহত্তৰ অঞ্চলটোৰ লগতে চটাইবাৰী-বালিতাৰা গাঁও পঞ্চায়তৰ কেবাখনো গাঁও সম্প্ৰতি বানৰ কৱল পৰিছে বুলি জানিব পৰা গৈছে।

নতুনকৈ নিৰ্মাণ কৰা মাথাউৰি কিছু অংশত ভাঙি নিয়াৰ ফলত বিভিন্ন গাঁও জলমগ্ন হৈ পৰিছে৷খেতিয়কৰ সেউজীয়া সপোনৰ এতিয়া বিফল হৈ পৰিছে৷

হাগ্ৰামা মহিলাৰীৰ মডেল বিটিএডিত এতিয়া বান আৰু বান ৷১৭ বছৰৰ শাসন কৰি যেন উন্নয়ৰ কথা কোৱা বিটিএডি চৰকাৰখনৰ যেন খবৰ ল’বলৈ আহৰি নাই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here