বাক্সাৰ কুমাৰীকাটাত বানপানীত ডুবিল কেবাটাও পৰিয়াল

প্ৰাগজ্যোতিষ বাৰ্তা, বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ২৯ জুনঃ বিগত দুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বাক্সাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে বানপানী৷

জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰীত সৃষ্টি হৈছে বানপানীৰ৷ বৰষুণৰ পানীয়ে লতিবাৰী গাঁওৰ কেবাটাও পৰিয়ালৰ ঘৰবাৰী বুৰাই পেলাইছে৷

 

পানী ঘৰৰ ভিতৰত সোমোৱাত ৰন্ধা বঢ়াৰ লগতে গৰু ছাগলী বন্ধাৰ বাবে সমস্যাত পৰিছে গাঁওখনৰ ৰাইজ৷ তেওঁলোকে জানিব দিয়া মতে লকডাউনৰ সময়ত কোনো সাহায্য লাভ নকৰাৰ বিপৰীতে কাম কৰিবলৈও সক্ষম হোৱা নাই৷ যাৰবাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here