বাক্সাত বিপিএফ আৰু এবছুৰ সংঘাটঃ বিপিএফ কৰ্মীয়ে আক্ৰমণ কৰিলে এবছু সদস্যক

প্ৰাগজ্যোতিষ বাৰ্তা, সূৱণখাটা, ২৯ জুনঃ বিটিচি নিৰ্বাচনৰ দিন নিৰ্ধাৰণ নহ’লেও ৰাজনৈতিক দলসমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা ৷

লকডাউনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি ৰাজনৈতিক দলসমূহে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান৷

ইয়াৰ মাজতে বাক্সাত আৰম্ভ হৈছে বিপিএফ আৰু এৱছুৰ সংঘাট৷

কালি নিশা বিপিএফ দলৰ সমৰ্থকৰ আক্ৰমণত আহত হয় চাৰিজনকৈ এৱছুৰ সদস্য৷ এই লৈ সম্প্ৰতি বাক্সাৰ সূৱণখাটাত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

বিপিএফৰ প্ৰায় চল্লিশ জনীয়া দলে সূৱণখাটা আঞ্চলিক এৱছুৰ কাৰ্যালয়ত প্ৰৱেশ কৰি মাৰপিট কৰাৰ অভিযোগ এৱছুৰ৷

অভিযোগ অনুসৰি বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ তথা বিপিএফৰ প্ৰাৰ্থী ফলীন্দ্ৰ বসুমতাৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি বিগত সময়চোৱাত ৰাইজৰ মাজত আঠুৱা, কম্বল বিতৰণ কৰি আহিছিল৷

যিটো ঘটনা এৱছুৰ সদস্য সকলে প্ৰত্যক্ষ কৰিছিল ৷ এই লৈ কালি নিশা বিপিএফ দলৰ একাংশ কৰ্মীয়ে এৱছু কাৰ্যালয়ত উপস্থিত হৈ কোনো কথাৰ অৱতাৰনা নকৰাকৈ মাৰপিট কৰে৷

ফলত বিপিএফ কৰ্মীৰ আক্ৰমণত অৰুণ বসুমতাৰী, ৰবি মোচাহাৰী, লোজয় বড়ো, হিৰণ ব্ৰহ্ম আৰু তৰুণ বসুমতাৰী কম- বেছি পৰিমাণে আহত হয় ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত নিশাই এৱছুৰ সদস্য সকলে বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়৷

ইফালে কালি নিশা সংঘটিত ঘটনাৰ খবৰ পাই আজি সূৱণখাটাত উপস্থিত হয় এৱছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো৷

দীপেন বড়োৱে এৱছু সদস্যৰ ওপৰত চলা নিৰ্যাতন কোনোপধ্যে সহ্য কৰা নহয় বুলি হুংকাৰ দি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here