মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৬ জুলাইঃ অসম চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত । এতিয়াৰ পৰা আপুনি উদ্যোগ স্থাপন কৰিবলৈ বিভাগে বিভাগে,অফিচে অফিচে তাঁতবাতি কৰিব নালাগে।

উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া একেবাৰে সহজ কৰি দিলে ৰাজ্য চৰকাৰে। এই বিষয়ত ৩০ জুনত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত বহা কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত উদ্যোগমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক কয় যে, “ক’ৰ’ণা ভাইৰাছৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা অসমৰ উদ্যোগখণ্ডক আগবঢ়াই নিবৰ বাবে MSME অৰডিনেন্স পাছ কৰা হৈছে এই বৈঠকত৷

এয়া এক ঐতিহাসিক সিদ্ধান্ত। উল্লেখযোগ্য যে, এই অৰডিনেন্স মতে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী স্থাপনৰ বাবে উদ্যোগীয়ে তিনিবছৰলৈ কোনো অনুমতি বিচাৰিব নালাগে৷

কেৱল উদ্যাোগ বিভাগক এখন আবেদন দিব আৰু বিভাগে আবেদন পত্ৰ পোৱা বুলি একনলেজ পত্ৰ দিব৷ সেই পত্ৰই অনুমতি পত্ৰৰ কাম কৰিব৷

বেলেগ বিভাগৰ পৰা উদ্যোগীয়ে এতিয়াৰে পৰা অনুমতি বিচাৰি হাবাথুৰি খাব নালাগে৷

৬৯৩ কোটি টকা বিনিয়োগ সাপেক্ষে যোগীঘোপাত স্থাপন হ’ব ‘International Logistic Hub’৷

এই হাবত ৰে’ল, বন্দৰ, National Highway, Air cargo সংযুক্ত হ’ব৷ চিটাগংগ আৰু মংগলা বন্দৰৰ সৈতে সংযুক্ত হ’ব ব্ৰহ্মপুত্ৰৰ যোগাযোগ৷

৪৮ কোটি টকা মূল্যৰ মাটি অসম চৰকাৰে দিব’।

মন্ত্ৰী পৰিষদৰ বৈঠকৰ পিছতে এনেদৰে কয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here