ওদালগুৰিত দুই স্থানত পুনৰ বুজন পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ৬ জুলাইঃ ৪ জুলাইৰ নিশা ওদালগুৰি জিলাৰ দুটা স্থানত পুনৰ উদ্ধাৰ হ’ল অস্ত্ৰ-শস্ত্ৰ।

নিশা ১২:৩০ বজাত ওদালগুৰি থানাৰ অন্তৰ্গত শিংৰিঝোৰাত ওদালগুৰিৰ উপ- আৰক্ষী অধীক্ষক মইদুল ইছলাম , ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়াৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা এম ২০ পিষ্টল, এটা ৯ এম এম পিষ্টল, ২ টা মেগজিন , ১০ জাই সজীৱ গুলী।

হৰিশিঙা থানাৰ অন্তৰ্গত ৪ নং আমজুলিত উদ্ধাৰ দুটা একে ৫৬ ৰাইফল , তিনিটা মেগজিন, ৭.৬২ এম এমৰ ৭১ জাই সজীৱ গুলী।
পুৱতি নিশা ৪:০০ বজাত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষ,হৰিশিঙা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমাংকুৰ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here