প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৬ জুলাইঃ যোৱা ২৭ জুনত লংকাৰ কাকীত ধৰ্ষণৰ অভিযোগত আটক হয় এজন শিক্ষকক।
কাকী আৰক্ষীয়ে আটক কৰে শিক্ষক সুকুমাৰ মাৰাকক। কাকী ডিমৰুপথাৰ মিলনপুৰত ঘৰ সুকুমাৰ মাৰাকৰ।
একে গাঁৱৰ এগৰাকী ন বছৰীয়া কিশোৰীক খেলি থকা অৱস্থাত ফুচুলাই মাতি নি নিজৰ নৱ-নিৰ্মিত দোকানৰ ভিতৰত সোমোৱাই অপকৰ্ম কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ শিক্ষক সুকুমাৰ মাৰাকৰ বিৰুদ্ধে।
কিন্তু সুকুমাৰ পত্নীয়ে সামগ্ৰীক ঘটনাক মিছা বুলি মত ব্যক্ত কৰে।
কাকী আৰক্ষী থানাত ৮২/২০২০ নম্বৰত শিক্ষকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Facebook Comments