আৰ্য্যভট্ট একাডোমিৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা ভৱানীপুৰ এন এছ ইউ আই কৰ্মীৰ

প্ৰাগজ্যোতিষ বাৰ্তা, সৰুপেটাৰ পৰা ৰমিজ আলি, ৮ জুলাইঃ সৰুপেটাৰ আৰ্য্যভট্ট একাডেমীৰ সফল ছাত্ৰ-ছাত্ৰীক ৭ জুলাইত সম্বৰ্দ্ধনা জনাই এন এছ ইউ আইৰ সভাপতি হাচিবুল ইছলামে।

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়াৰ উদ্দেশ্য সৰুপেটা আৰ্য্যভট্ট একাডেমিত এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।

উক্ত অনুষ্ঠানত সামাজিক মাধ্যয় আৰু তথ্য প্ৰযুক্তি বিভাগৰ নামনি অসমৰ সমন্বয়ক দক্ষ কলিতা, বৰপেটা জিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ উপাধ্যক্ষ কাজী মুসাহিদৰ ৰহমান,আৰু এন এছ ইউ আইৰ কৰ্মকর্তাসকলে ছাত্ৰ ছাত্ৰীক মানপত্ৰ,আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে কিতাপ, কলম দি সম্বৰ্ধনা জ্ঞাপন কৰে।

৭৫ শতাংশ উত্তীৰ্ণৰে অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সৰুপেটা আৰ্য্যভট্ট একাডেমিৰ শিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here