প্ৰাগজ্যোতিষ বাৰ্তা, নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ৮ জুলাইঃ নলবাৰী জিলাৰ বনগাঁওৰ জিতেন্দ্ৰ নাথ হালৈৰ হত্যা কাণ্ডৰ ন্যায় বিচাৰি আজি বনগাঁৱত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী স্থানীয় ৰাইজ তথা মহিলা সমিতি আৰু তেওঁৰ পুত্ৰই হাতত প্লে কাৰ্ড লৈ এক মৌন সমদলৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷
বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্নবৰ্গৰ সহায়ক জিতেন্দ্ৰ নাথ হালৈ যোৱা ২৯ জুনৰ পৰা সন্ধানহীন হৈ আছিল৷
আৰু নলবাৰী আৰক্ষীয়ে যোৱা দুই জুলাইত হালৈৰ মৃতদেহটো লাওৰদলৰ পৰা উদ্ধাৰ কৰে৷
এই ঘটনাৰ পিছতে হালৈৰ পৰিয়ালত হাহাঁকাৰৰ সৃষ্টি হয়৷যথেষ্ট ঋণৰ বোজা থকা হালৈক কোনে হত্যা কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে বেলশৰ থানাত এজাহাৰ দাখিল কৰিছে৷
পৰিয়ালে জনোৱা মতে, হালৈৰ লগত মোবাইল ফোনটোৰ উপৰি তেওঁৰ লগত থকা এ টি এম কাৰ্ডখন উদ্ধাৰ নোহোৱাত এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে৷
আজি ইয়াৰ প্ৰতিবাদত বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ,ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ মহিলা সমিতিৰ উপৰি তেওঁৰ জ্যেষ্ঠ পুত্ৰই হাতত প্লে কাৰ্ড লৈ এক মৌন সমদলৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷
জিতেন্দ্ৰ নাথ হালৈৰ হত্যা কাণ্ডৰ তদন্তৰ দাবী কৰি বেলশৰ আৰক্ষীক এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে জিলা উপায়ুক্তকো এখন স্মাৰকপত্ৰ প্ৰদান কৰে স্থানীয় ৰাইজে৷