প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ৯ জুলাইঃ আগন্তুক সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰীক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে চামগুৰি সমষ্টিত অগপৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ তৎপৰতাত বৃদ্ধি কৰা পৰিলক্ষিত হৈছে ।
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পুৰণিগুদামস্থিত ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত যোৱা ৭ জুলাইত চামগুৰি সমষ্টি অসম গণ পৰিষদ দলৰ উদ্যোগত এখন সাংগঠনিক সভা অনুষ্ঠিত হয়।
চামগুৰি সমষ্টিৰ যুৱ নেতা খগেন কুমাৰ গায়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণিমাধৱ মহন্ত উপস্থিত থাকি চামগুৰি সমষ্টিটো উদ্ধাৰৰ বাবে সকলো দলীয় কৰ্মীক মাৰ বান্ধি সাজু হ’বলৈ আহ্বান জনায়।
কভিভ’ ১৯ ৰ বাবে চৰকাৰী নিৰ্দেশনা অনুযায়ী সামাজিক দুৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা সভাত চামগুৰি সমষ্টিৰ মহিলা পৰিষদ আৰু যুৱ পৰিষদখন গঠন কৰা হয়।
মহিলা পৰিষদৰ বাবে জ্যোতি মেছক সভানেত্ৰী, লখিমী শইকীয়াক কাৰ্যকৰী সভানেত্ৰী, হাফিজা বেগম আৰু ৰচিদা খাটুনক উপ সভানেত্ৰী, পল্লৱী হাজৰিকাক সম্পাদিকা, বিউটি খেছ আৰু চমতা বেগমক সহ-সম্পাদিকা, ৰুমী দাস আৰু ৰুবী দাসক তথ্য আৰু প্ৰচাৰ সম্পাদিকা, বিনিতা ভূঞা, পাপৰী হাজৰিকা আৰু উমেকুলচুমক সাংগঠনিক সম্পাদিকা, অজন্তা দাস আৰু তাৰামতি বেনঞ্জুৱাৰক কাৰ্যালয় সম্পাদীকা, ৰচিদা খাটুনক তথ্য আৰু প্ৰযুক্তি সম্পাদিকাৰ দায়িত্ব প্ৰদান কৰা হয়।
আনহাতে যুৱ পৰিষদৰ বাবে খাইৰুল ইছলামক সভাপতি, খঞ্জনজ্যোতি দাসক কাৰ্যকৰী সভাপতি, কমললোচন দাস আৰু অঞ্জনজ্যোতি বৰাক উপ-সভাপতি, মিতুল বৰ্মনক সম্পাদক, হিৰণ্য বৰা আৰু আবু টাহেৰক সহ সম্পাদক, নিলাভ জ্যোতি মুক্তিয়াৰ আৰু ইক্ৰামুল হুছেইনক তথ্য আৰু প্ৰচাৰ সম্পাদক, আছাদুজ জামান আৰু তৰুণ বেঞ্জুয়াৰক সাংগঠনিক সম্পাদক, বুলবুল হুছেইন আৰু ছাহিদুল ইছলামক তথ্য আৰু প্ৰযুক্তি সম্পাদক আৰু মুক্লেচুৰ ৰহমানক কাৰ্যালয় সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।
সভাত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মণিমাধৱ মহন্তৰ লগতে অগপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা তথা অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী মামনি বৰা উপস্থিত থাকি আঞ্চলিক দলটোৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰি দায়িত্ব প্ৰদান কৰিলে ৰাইজে পুনৰ দলটো আদৰি ল’ব বুলি মন্তব্য প্ৰদান কৰে।