সদৌ অসম ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ সূচনা, পাঠশালাত ছাত্ৰ সন্থাৰ উদ্যোগত ৫৫ বিঘা মাটিত ধান খেতি

প্ৰাগজ্যোতিষ বাৰ্তা,সৰুপেটাৰ পৰা ৰমিজ আলী, ৯ জুলাইঃ পথাৰৰ বোকাত হাতে কামে নামি কপালৰ ঘাম পেলাইছে ছাত্ৰ কৰ্মীসকলে।

বজালী মহকুমা ছাত্ৰ সন্থা, পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা আৰু বজালী উন্নতি সভাৰ উদ্যোগত ৫৫ বিঘা মাটিত জহা ধানৰ খেতিৰে পথাৰ আৰু বজাৰ দখল কৰাৰ লক্ষ্য লৈছে ছাত্ৰ কৰ্মীসকলে।

হাউলী কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে ছাত্ৰ কৰ্মীসকলে এটি কঠিয়া ৰোপণ কৰা যন্ত্ৰ লাভ কৰিছে আৰু এই যন্ত্ৰৰ দ্বাৰা এদিনতে আঠ বিঘা মাটিত কঠিয়া সিঁচিব পৰা যায়।

স্বাৱলম্বিতাৰ দিশত এক অনবদ্য নিদৰ্শন আগবঢ়োৱা বাজালীৰ ছাত্ৰ কৰ্মীসকলে পাঠশালা কৃষি বিভাগৰ কাৰ্যালয়ৰ সমুখৰ ৫৫ বিঘা মাটিত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে ধান খেতিৰ আৰম্ভ কৰা কাৰ্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ বজালীবাসীক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here