লকডাউন আৰু সান্ধ্য আইনৰ মাজতে গুৱাহাটীত আৰক্ষীৰ নৈশ পাৰ্টী…!

প্ৰাগজ্যোতিষ বাৰ্তা,অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন, ৯ জুলাইঃ অসম চৰকাৰে ঘোষণা কৰা নৈশ সান্ধ্য আইন আৰু কঠোৰ লকডাউনৰ মাজতে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত অসম আৰক্ষীৰ সুৰাৰ পাৰ্টী৷ আৰক্ষীৰ একাংশ বিষয়া উপস্থিত থকা এই নৈশ বিলাসী পাৰ্টীত ভাগ লয় মহিলা বিষয়ায়ো।

সাধাৰণ জনতাক নীতি নিয়মৰ শিক্ষাৰ নামত হাৰাশাস্তি কৰি ভাগৰি পৰা আৰক্ষীৰ একাংশই হয়তো বাচি ল’লে বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতো নৃত্য-গীত-সুৰাৰে অন্ততঃ এটি নিশা ৰঙীন কৰাৰ পথ!

বিষয়টো ৰাজহুৱা হোৱা লগে-লগে অৱশ্যে প্ৰশাসনে এইসকল পুলিচ বিষয়াক শাস্তিমূলক বদলি কৰণৰ ব্যৱস্থা কৰাত সন্তোষ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here