প্ৰাগজ্যোতিষ বাৰ্তা,বৰপেটাৰ পৰা মফিদুল হক, ৯ জুলাইঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্রী বিধান সভা সমষ্টিৰ অৰ্ন্তগত ৪৩ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰা হয়।
সমষ্টিটোৰ আগশাৰীৰ স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ উদ্যোগত আৰু সৰুক্ষেত্রী ইউ ডি এছ এফ’ৰ সহযোগত পৰহি পঞ্চায়তখনৰ অন্তৰ্গত ক্ৰমে নলীগাঁও প্ৰাথমিক বিদ্যালয়, হৰেন্দ্ৰ চিত্র মহাবিদ্যালয়, ভক্তৰডবা কনিষ্ঠ মহাবিদ্যালয় আদিত শিৱিৰ পাতি থকা প্ৰায় ১৯০ ঘৰ পৰিয়াললৈ বিভিন্ন বেমাৰৰ বাবে বিনামূলীয়া ঔষধ, খোৱা বস্তু, শিশু খাদ্য, বিস্কুট আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰী বিতৰণ কৰা হয়।
উক্ত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে এছিয়ান মিছন ইনষ্টিটিউটৰ সঞ্চালক প্ৰধান ডাঃ আব্দুল কদ্দুছ শিকদাৰ, ইউ ডি এছ এফ’ৰ কেন্দ্ৰীয় উপ-সভাপতি মফিদুল ইছলাম,বৰপেটা জিলা কমিটিৰ উপ-সভাপতি হাছিবুল হ’ক সৰুক্ষেত্রী যুৱ মৰ্চাৰ আবু বাক্কাৰ ,মেছেৰ আলী, সৰুক্ষেত্রীৰ আৰিফ খান, জয়নুদ্দিন আহমেদ, শ্বৰিফুল ইছলাম,নাজমুল হক, জিলকত আলী, ফাৰুক খান,ৰফিকুল ইছলাম, হাইদৰ আলী, ফকৰ আলী, ছানিদুল ইছলাম আদিকে ধৰি বহুতো সদস্য তথা স্থানীয় নেতৃবৃন্দ উপস্থিত থাকে।