প্ৰাগজ্যোতিষ বাৰ্তা,বৰপেটাৰ পৰা মফিদুল হক, ৯ জুলাইঃ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু ‘পিৰামল ফাউণ্ডেচন’ৰ সহযোগত ‘সুৰক্ষিত দাদা-দাদী,নানা-নানী অভিযান’ৰ জৰিয়তে ক’ৰ’ণা মহামাৰীৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে, লগতে জিলাখনত হোম কোৱাৰেন্টাইনত থকা ব্যক্তিসকলৰ সুবিধা-অসুবিধাৰ ফোন কলৰ জৰিয়তে বুজ লৈ থকা হৈছে।
ইয়াৰ আধাৰত সেইসকলক সহায় সহযোগ কৰাৰ বাবেও প্ৰয়াস কৰি অহা হৈছে।
যোৱা ৮ জুন ২০২০ তাৰিখৰ পৰা ৪ জুলাই ২০২০ তাৰিখলৈকে ফোন কলৰ মাধ্যমেৰে ৩১০৭ জন জ্যেষ্ঠ নাগৰিক আৰু ১৩৮৬ জন হোম কোৱাৰেন্টাইনত থকা লোকৰ অভাৱ অভিযোগ আদি জানিবলৈ সক্ষম হোৱাৰ লগতে সমাধান কৰিবলৈও সক্ষম হৈছে।
অনাগত দিনতো বৰপেটা জিলাৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই কাৰ্যসূচী অব্যাহত থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।
Facebook Comments