প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৯ জুলাইঃ “হিন্দু সংস্কৃতি আৰু অসমীয়াৰ জাতীয় সত্তাৰ ওপৰত ইছলামীক আগ্ৰাসন আৰু চলিবলৈ নিদিওঁ!
যিকোনো কাৰণত ৰেঙণি নামৰ টিভি চেনেলৰ বেগমজান নামৰ ধাৰাবাহিকখনৰ প্ৰচাৰ বন্ধ হ’ব লাগে”-এয়া কোনো সকীয়নি নহয়, সিদ্ধান্ত দিছে বিজেপিৰ কিষান মৰ্চাৰ উপ সভাপতি, লেখক সত্যৰঞ্জন বৰাই৷
ইতিমধ্যেই বিতৰ্কৰ মাজত সোমাই পৰা ৰেঙণি চেনেলত যোৱা ৬ জুলাইৰ পৰা প্ৰচাৰিত লাভ জেহাদক উচটনি দিয়া বেগমজান নামৰ ধাৰাবাহিকখনক লৈ বিশিষ্ট লেখক সত্যৰঞ্জন বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
Facebook Comments