শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা পানী আৰু অনাময় মিছনৰ প্ৰথম বৈঠক অনুষ্ঠিত

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১০ জুলাইঃ শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় ৷

উক্ত বৈঠকত জিলাখনত ৰূপায়ণ হ’বলগীয়া কেন্দ্ৰীয় চৰকাৰৰ “জল জীৱন মিছন”ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

উপায়ুক্ত লক্ষীনন্দন গগৈয়ে এই মিছনৰ সফল ৰূপায়ণৰ বাবে ইয়াৰ কামকাজৰ প্রতিটো স্তৰত প্রয়োজনীয় সহযোগিতা আগবঢ়াবলৈ সহযোগী বিভাগসমূহক আহ্বান জনায়।

তেওঁ জিলাখনৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগক এই মিছনৰ কামকাজৰ গুণাগুণ মানদণ্ড উন্নত হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ত্ৰুটীহীনভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

এই আঁচনিৰ সফল ৰূপায়ণৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ কৰাৰ লগতে পানীৰ পৰা সংক্ৰমণ হোৱা ৰোগসমূহৰ পৰাও হাত সাৰিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে দৃঢ় মতপোষণ কৰে।

তেওঁ লগতে উল্লেখ কৰে যে, জিলাখনত “জল জীৱন মিছন”ৰ সফল ৰূপায়ণে প্ৰধানমন্ত্ৰীৰ ২০২৪ চনলৈ “হৰ ঘৰ জল”ৰ সপোন বাস্তৱায়িত কৰাত সহায়ক হ’ব।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে National Rural Drinking Water Programme (NRDWP) -ক জল জীৱন মিছন (Jal Jeevan Mission) -লৈ সন্মিলিত কৰি ২০২৪ চনলৈ প্ৰতিটো ঘৰতে পানীৰ টেপ (Functional Household Tap Connection) সংযোজনৰ জৰিয়তে প্রতিটো পৰিয়াললৈ পানী যোগান ধৰাৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

শিৱসাগৰ সংগমণ্ডলৰ অধীনত পানী যোগান ধৰিবলগীয়া ১,১৮,৪০৪ টা পৰিয়ালৰ ভিতৰত মাৰ্চ, ২০২০ -ৰ ভিতৰত ৫,২০৪ টা পৰিয়াললৈ পানী যোগান ধৰা হৈছে।

বৈঠকত “জল জীৱন মিছন”ৰ ২০২০-২১ বৰ্ষৰ কৰ্ম আঁচনিখনক সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়।

এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিপুল শইকীয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক স্যমন্ত মাধৱ শৰ্মাকে আদি কৰি সহযোগী বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here