লংকাত পৌৰ সভাৰ অভিযানঃ লকডাউনৰ নিয়ম উলংঘনকাৰী বাহনক জৰিমনা

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১০ জুলাইঃ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত, লংকা চহৰলৈ ওলোৱা-সোমোৱা দুচকীয়া বাহনকে ধৰি সৰু-বৰ প্ৰতিখন যান-বাহানত পৌৰ কৰ্মীৰ অভিযান।

ক’ৰণাৰ ভয়াবহতাৰ সময়ত চৰকাৰী নিৰ্দেশনা অমান্য কৰি সামাজিক দূৰত্ব আওকাণ কৰি যাত্ৰী কঢ়িওৱা যান-বাহানৰ ওপৰত জৰিমণা বিহে পৌৰ কৰ্মীয়ে।

লগতে মাস্ক নিপিন্ধাকৈ যাত্ৰা কৰা যাত্ৰীৰ ওপৰতো জৰিমণা বিহে পৌৰ কৰ্মীয়ে।

ভবিষ্যতেও এনে অভিযান চলাই যাব বুলি মন্তব্য প্ৰকাশ কৰে লংকা পৌৰ কৰ্মীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here