প্ৰাগজ্যোতিষ বাৰ্তা,সৰুপেটাৰ পৰা ৰমিজ আলী, ১০ জুলাইঃ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত বৰপেটা জিলাৰ কৃষি আত্মসহায়ক গোটৰ মাজত ৯ জুলাইত পুণৰ ২১ খন ট্ৰেক্টৰ বিতৰণ কৰা হয়।
জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই হাউলীত থকা এছকোৰ্ট প্ৰতিষ্ঠানৰ চৌহদতে আনুষ্ঠানিকভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২১ খন ৰাজহ গাঁৱৰ নিৰ্বাচিত কৃষক গোটৰ মাজত এই ট্ৰেক্টৰকেইখন বিতৰণ কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে কৃষকসকলক এই ট্ৰেক্টৰবোৰ কেৱল কৃষি কাৰ্যতে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
উল্লেখযোগ্য যে ইয়াকে লৈ চলিত বছৰত এই আচঁনিৰ অধীনত দ্বিতীয় পৰ্যায়ত এতিয়ালৈ ২০৭ খন ট্ৰেক্টৰ দিয়া হল।
অনুষ্ঠানত উপস্থিত থকা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই সাংবাদিকৰ আগত জনোৱা মতে, লক ডাউনৰ মাজতো কৃষি কাৰ্যৰ প্ৰগতি যাতে বাধাগ্ৰস্থ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে উপায়ুক্ত শৰ্মাৰ তৎপৰতাত কৃষি বিভাগৰ উদ্যোগত এনেদৰে ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী অব্যাহত ৰখা হৈছে।
এই বছৰত বিভাগৰ দ্বাৰা ৭০ শতাংশ ৰাজ সাহায্যযুক্ত ৪৩৮ খন ট্ৰেক্টৰ প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।