প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১১ জুলাইঃ বিগত কেইদিনমান ধৰি অভাবনীয় ভাবে বৰষুণৰ পৰিমান বৃদ্ধি পোৱাত মহানগৰীৰ কেইবাস্হানত বোকাময় পৰিবেশৰ সৃষ্টি হৈছে ৷
বিশেষকৈ গীতানগৰ , চানমাৰি, শিলপুখুৰীৰ অঞ্চলত পথত অধিক বোকা- পানীৰে উপচি পৰিছে ৷
যাৰ বাৰে পথচোৱাৰে গাড়ী- মটৰ অহাযোৱাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷
ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি গীতনগৰ , চানমাৰি, শিলপুখুৰী অঞ্চলত উপস্থিত হৈ প্ৰৰ্যবেক্ষণ কৰেে৷
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত পৌৰনিগমে গীতানগৰ- চানমাৰি পথসমুহ চাফ কৰা পৰিলক্ষিত হয় ৷
মন্ত্ৰী গৰাকীৰ লগত গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱ্যজ্যেতি হাজৰিকা, মুখ্য অভিযন্তা দেৱজিত দাস, অতিৰিক্ত আয়ুক্ত দ্বীজেন্দ্ৰ সিং, অ’ এছ’ ডি নাৰায়ণ আগৰৱাল উপস্থিত থাকে ৷
এইক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আগৰ বছৰসমূহতকৈ চলিত বৰ্ষত বৰষুণৰ পৰিমান যঠেষ্ট বৃদ্ধি পাইছে ৷
এচাম পাহাৰত বসবাস কৰা মানুহে কিছু মাটি কাটি বাৰিষালৈ দম কৰি ৰাখে ৷
বাৰিষা অহাৰ লগে লগে মাটিসমূূহ পানীৰ সোঁতত তললৈ নামি আহি পথবোৰ আবদ্ধ হৈ পাৰে ৷
যাৰ বাবেই পথসমূহত বোকাময় পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ বাবেই পাহৰত বসাবস কৰা সমূহ জনসাধাৰণক পাহৰৰ মাটি নাকাটিবলৈ অনুৰোধ জনায় ৷৷