গান্ধী মন্ডপত ভুমিস্খলনঃ পাহাৰৰ পৰা খহি আহিল প্ৰকাণ্ড শিল

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৩ জুলাইঃ চলিত বৰ্ষত বৰষুণৰ পৰিমান বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত মহানগৰীৰ গান্ধীমন্ডপ পথত এক ভয়ংকৰ ভুমিস্খলনৰ ঘটনা সংঘটিত হয়৷

জানিব পৰা মতে, দক্ষিণ শৰণীয়া গান্ধীমণ্ডপ পথত ১২ জুলাইৰ পুৱতি এটি প্ৰকাণ্ড শিলৰ সৈতে পাহাৰৰ মাটি বাগৰি আহে৷

গান্ধীমন্ডপ পথৰ একাংশ পথ শিল আৰু মাটিৰে ভৰি পৰিছে৷ যাৰ বাবেই পথচাৰী অহা যোৱাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হয়৷

ইয়াৰ সমান্তৰালভাৱে পাহাৰৰ যি স্হানৰ পৰা শিল-মাটি বাগৰি আহিছিল সেই অংশৰ পৰা পুনৰ মাটি-শিল ঢহি অহাৰ যঠেষ্ট আশাংকা কৰা হৈছে৷

কিয়নো একেটা স্হানতে মাটি আধা খহা অবস্থাত আছে। সেইবাবেই যিকোনো মুহূৰ্তত পুনৰ ভুমিস্খলনৰ হোৱাৰ সম্ভাবনা প্ৰকট হৈছে৷

ইপিনে গান্ধীমণ্ডপ পথৰ বিপৰীত দিশত এডাল প্ৰকাণ্ড গছ উভালি আছে৷গছ জোপা গান্ধীবস্তী’ৰ দিশত পৰি আছে৷

যিহেতু সেই অঞ্চলটো এঢলীয়া সেইবাবেই যিকোনো মুহূৰ্তত গছজোপা বাগৰি যোৱাৰ আশাংকা নুই কৰিব নোৱাৰি৷ এইক্ষেত্ৰত স্হানীয় ৰাইজে জানিবলৈ দিয়ে যে গছজোপা তললৈ বাগৰি গ’লে গান্ধীবস্তী’ৰ বাসিন্দাৰ বিপদ অনিবাৰ্য৷

সেইবাবেই বন বিভাগ তথা জিলা প্ৰশাসনে অনতি পলমে গছজোপৰ উঠুৱাৰ ব্যৱস্থা কৰাৰ লগতে ভুমিস্খলনত আৱদ্ধ হৈ থকা পথৰ শিল মাটিসমূহ আতৰায় নিবলৈ স্হানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here