চামগুৰি শিঙিয়াত ক’ভিড ১৯ পজিটিভ যুৱকক লৈ আতংকিত ৰাইজ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা , ১৩ জুলাইঃ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া ফুকনখাট গাৱঁত এজন লোকৰ দেহত ক’ভিড ১৯ ধৰা পৰাৰ লগে লগে গণ সংক্ৰমণ হোৱাৰ আশংকাত স্থানীয় লোক আতংকিত হৈ পৰিছে ৷

জানিব পৰা মতে, শিঙিয়া ফুকনখাট গাৱঁৰ স্বৰ্গীয় মানিক বৰাৰ পুত্ৰ মিন্টু বৰাই অৰুণাচললৈ যাবলৈ বুলি চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক’ভিড ১৯ পৰীক্ষা কৰোৱাত পজিটিভ ৰিজাল্ট অহাত শনিবাৰে নিশাই স্বাস্থ্য বিভাগৰ লোকে মিন্টু বৰা (২৮)ঘৰৰ পৰা উঠাই নি বৰ্তমান নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত ৰখোৱা হৈছে বুলি জানিব পৰা গৈছে ৷

অৰুণাচলৰ কোনো এটি কোম্পানীত কৰ্মৰত মিন্টু বৰাই ছমাহ আগতেই ঘৰলৈ উভতি আহিছিল৷

পুনৰ কোম্পানীটোৱে মিন্টুক মাতি পঠিওৱাত বৰাই চামগুৰিত স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰে যদিও ক’ভিড ১৯ পজিটিভ হোৱাত সমগ্ৰ গাঁওখনতে গণ সংক্ৰমণৰ আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে টেন্ট হাউচৰ কামত জড়িত থকা বৰাই বিগত সময়চোৱাত বিভিন্ন ঠাইত টেন্টৰ কাম কৰি ফুৰাৰ লগতে চামগুৰিত হোৱা সকাম এটাতো উপস্থিত আছিল৷

যাৰ বাবে ৰাইজৰ মাজত গণ সংক্ৰমণৰ আশংকা ঘনীভূত হৈ পৰিছে৷

ইতিমধ্যে স্থানীয় প্ৰশাসনে শিঙিয়াৰ সমগ্ৰ অঞ্চলটো চেনিটাৰাইজ কৰিছে যদিও চামগুৰি অঞ্চলটোতো চেনিটাৰাইজ কৰা প্ৰয়োজন আছে বুলি সচেতন মহলে মত পোষণ কৰিছে৷

এইক্ষেত্ৰত স্থানীয় প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

আনহাতে আজি পুৱাই স্বাস্থ্য বিভাগে ফুকনখাট গাঁওখন চেনীটাইজ কৰাৰ লগতে স্বাস্থ্য বিভাগে মিন্টুৰ পৰিয়ালৰ স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰি পৰিয়ালটোক হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ দিয়ে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here