প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ ভূপেন্দৰ সিং বাবু, ১৩ জুলাইঃ লংকাৰ তিনিআলী বৰদলৈ পথাৰত ১১ জুলাইত ঘটে এক অঘটন।
পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় এজন ব্যক্তিৰ মৃতদেহ।
মৃত ব্যক্তিজনৰ নাম হবিবুৰ ৰহমান(৩০), ঘৰ হোজাইৰ যোগীজানত।
১১ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছিল হবিবুৰ ৰহমান।
পৰিয়ালৰ লোকে জনোৱা মতে, মৃত হবিবুৰ ৰহমানৰ আছিল মৃগী বেমাৰ।
পথেৰে গৈ থকা অৱস্থাত হবিবুৰ ৰহমানৰ হথাৎ বেমাৰটোৱে আক্ৰমণ কৰাত পথৰ কাষতেই থকা পুখুৰীত পৰি হবিবুৰৰ মৃত্যু হ’ল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
পিচত ঘটনাস্হলীত তিনিআলী আৰক্ষী উপস্হিত হৈ মৃতদেহটো পানীৰ পৰা উদ্ধাৰ কৰে।
দৰাচলতে,এয়া হত্যা নে আত্মহত্যা সেইয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব।
উল্লেখ্য যে, হবিবুৰ ৰহমানে বিয়াৰ পিছৰ পৰা নিজ শহুৰেকৰ ঘৰ বৰদলৈ পথাৰতেই আছিল।
Facebook Comments