কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ ভূপেন্দৰ সিং বাবু, ১৩ জুলাইঃ লংকাৰ নখুটিৰ চাৰ্কেবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

অখিল গগৈ আৰু তেওঁৰ সতীৰ্থসকলক বিনা চৰ্তে জেলৰ পৰা মুক্তি দিয়াৰ দাবীত এই প্ৰতিবাদ।

হোজাই জিলা সমিতি আৰু চাৰ্কেৱস্তি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া উদ্যোগত কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কো‍ঁৱৰ,মানস কোঁৱৰ আৰু বিতু সোণোৱালক বিনা চৰ্তে জেলৰ পৰা মুক্তি দিয়াৰ দাৱীত এই প্ৰতিবাদ।

প্ৰতিবাদত কৰ্মীসকলে হাতে হাতে নেতাসকলক মুক্তি দিয়াৰ লিখিত প্লে’ কাৰ্ড লৈ শাসনাধিষ্ট বিজেপি চৰকাৰৰ বিৰুদ্ধে নানান শ্ল’গান দিয়ে।

লগতে কৃষক নেতাসকলক এৰি নিদিলে আগন্তুক দিনত আৰু ভয়ংকৰ আন্দোলন সাব্যস্ত কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।

উক্ত প্ৰতিবাদত শতাধীক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here