প্ৰাগজ্যোতিষ বাৰ্তা, সৰুপেটাৰ পৰা ৰমিজ আলী, ১৩ জুলাইঃ ভূটান পাহাৰত হোৱা নেৰানেপেৰা বৰষুণ আৰু কুৰিশ্বো জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা পহুমাৰা নৈৰ পানীয়ে ১২ জুলাইত বজালী মহকুমাৰ গহিনপাৰা আৰু পূব কলৰগুৰি গাঁৱত মথাউৰী চিঙি নিয়াৰ ফলত বজালী ৰাজহ চক্ৰৰ ১০ খন গাঁৱৰ প্ৰায় ২০ হাজাৰ লোক পুনৰ নতুনকৈ বানৰ কবলত পৰিছে।
পুৱাৰ ভাগতে সংঘটিত হোৱা এই আচম্বিত দুৰ্যোগৰ পিছত বজালী মহকুমা আৰু বৰপেটা জিলা প্ৰশাসনে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে এই দুই স্থানত উদ্ধাৰ অভিযান চলাই পানীৰ মাজত আবদ্ধ হৈ থকা ১৩০ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে ২০ টা পশু ধনকো উদ্ধাৰ কৰে।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে বজালী ৰাজহ চক্ৰত স্থাপন কৰা ৮টা আশ্ৰয় শিবিৰলৈ ক্ষতিগ্ৰস্থ লোকসকলক স্থানান্তৰ কৰি থকা হৈছে।
পহুমাৰা নৈৰ পানী গহিনপাৰাত থকা গড়কাপ্তানী পথৰ ওপৰেৰেও বাগৰি যোৱাত এই পথচোৱাৰো বিস্তৰ ক্ষতি হৈছে আৰু এই পথেৰে যাতায়ত বন্ধ হৈ পৰিছে।
জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মথাউৰীটোৰ আন কেতবোৰ স্পৰ্শকাতৰ অঞ্চল সুৰক্ষাৰ বাবে প্ৰচেষ্টা চলাই আছে। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশ ক্ৰমে অতিৰিক্ত উপায়ুক্ত সাব্যসাচী কাশ্যপৰ উপৰি বজালী মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীয়ে ক্ষতিগ্ৰস্থ অঞ্চলসমূহত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে।
ভাগৱতীয়ে জানিবলৈ দিয়া মতে, উদ্ধাৰ কাৰ্যত নিয়োজিত কৰাৰ বাবে সেনা বাহিনীকো সষ্টম কৰি ৰখা হৈছে।
বানপানীয়ে কেবাঠাইতো পথ যাতায়তৰো ক্ষতি সাধন কৰিছে। কাকৰকুৰত দলঙৰ এটা মূৰ খহি গৈছিল যদিও গড়কাপ্তানি বিভাগে তৎপৰতাৰে মেৰামতি কৰিবলৈ সক্ষম হয়।
পানীৰ বাবে সুহা-শীলা বন্ধ হৈ পৰাত বিকল্প পথেৰে বিভাগে ততাতৈয়াকৈ দলং সাজি উলিওৱাত যাতায়ত আৰম্ভ কৰা হৈছে।
সমগ্ৰ জিলাখনত পৰহিৰে পৰা পুণৰ আৰম্ভ হোৱা বানত ১,২৮ ৫৩৫ জন লোক আৰু ৭৫ হাজাৰ পশুধন ক্ষতিগ্ৰস্থ হৈছে।
তেওঁলোকৰ বাবে মুঠ ৩৩ টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ উপৰি আন ৭ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি জিলা জনসংযোগ বিষয়াই জনাইছে।
৮০৩৮ হেক্টৰ কৃষিভূমিও বানত বুৰ গৈছে।