চৰকাৰে দিব্যাংগসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে আগন্তুক ২০২১ ৰ নিৰ্বাচনত “উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ”ৰ ভোট বৰ্জনৰ সিদ্ধান্ত

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৪ জুলাইঃ উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সত্যজিৎ ফুকনে সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিবন্ধী অৰ্থাৎ দিব্যাংগসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি আহিছে বুলি অভিযোগ কৰিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ তিনিমাহত প্ৰতিমাহে দিব্যাংগসকলক ১০০০ টকাকৈ দিয়া হ’ব বুলি কথা দিছিল যদিও অসমৰ এজনো প্ৰতিবন্ধীয়ে সেই টকা পাবলৈ সক্ষম নহ’ল ।

 

আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিগত সময়ৰ বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই অসমৰ প্ৰায় ৪৫০০ দিব্যাংগলোকক চাকৰি প্ৰদান কৰি সংস্থাপন দিয়াৰ লগতে ১ লাখ ৩০ হাজাৰ দিব্যাংগকলোকক PMY আঁচনিৰ জৰিয়তে গৃহ দিয়াৰ কথা ঘোষণা কৰি কাগজে কলমে সকলো দায়িত্ব সামৰিছে ।

লগতে কয় যে, দিব্যাংগসকলৰ বাবে খালি হৈ থকা পদসমূহৰ ১০ শতাংশও পূৰণ কৰিব নোৱাৰিলে এইখন বিজেপি চৰকাৰে ৷

প্ৰতিবন্ধীসকলক বিভিন্ন ধৰণৰ সপোন দেখুৱাই আহিছে যদিও সেই সপোন আজিও সপোনেই হৈ ৰ’ল বুলি ফুকনে অভিযোগ কৰে।

অসমৰ এজনো দিব্যাংগক সাহায্য প্ৰদান কৰিব নোৱৰা তথা দিব্যাংগসকলক দিয়া বিভিন্ন প্ৰকাৰৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিব নোৱৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে আগন্তুক ২০২১ৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি দিব্যাংগসকলক এই সুবিধাখিনি প্ৰদান কৰিব নোৱাৰে তেন্তে উজনি অসমৰ প্ৰতিবন্ধীসকলে ৰাজপথলৈ ওলাই আহি জংগী আন্দোলন তথা গণপ্ৰতিবাদ গঢ়ি তোলাৰ লগতে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here