চিবিএছইৰ অধীনৰ দশম শ্ৰেণীৰ ফলাফল কাইলৈ ১৫ জুলাইত

প্ৰাগডেস্ক, গুৱাহাটী, ১৪ জুলাইঃ কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ড (চিবিএছই)ৰ অধীনৰ দশম শ্ৰেণীৰ ফলাফল কাইলৈ ১৫ জুলাই(বুধবাৰ)ৰ ৰাতিপুৱা ১০ বজাত ঘোষণা কৰিব।

কেন্দ্রীয় মানবসম্পদ উন্নয়ন মন্ত্রী ডঃ ৰমেশ পোখৰিয়ালে টুইট যোগে এই কথা সদৰী কৰিছে।

একেটা টুইটতে মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষকসকলোলৈকো শুভকামনা জ্ঞাপন কৰিছে।

ইয়াৰ আগেয়ে চিবিএছইয়ে ১৩ জুলাইত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছিল আৰু দশম শ্ৰেণীৰ ফলাফল ১৫ জুলাইৰ ভিতৰত ঘোষণা কৰিব বুলি সদৰী কৰিছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here