বি টি চিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত বি পি এফৰ ব্যাপক খহনীয়াঃ শতাধিক দলীয় কৰ্মী ইউ পি পি এললৈ

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ১৬ জুলাইঃ দুৰ্নীতি – ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি বি পি এফৰ সৎ কৰ্মীসকল ইউ পি পি এলত যোগদান কৰিছে।

ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ বিদাংশ্ৰী গাঁৱৰ খেল পথাৰত আজি ইউ পি পি এল দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।

অঞ্চলটোৰ বিদাংশ্ৰী, বগৰীবাৰী, আন্ঠেবাৰী আৰু গছেনপুৰ গাঁৱৰ শতাধিক বি পি এফ কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰা সভাখনত গবিন্দ বসুমতাৰীয়ে কয় যে বি টি চিত বি পি এফ দলৰ সোতৰ বছৰীয়া শাসন কালত অবাধ দুৰ্নীতি-ভ্ৰষ্টাচাৰ সংঘটিত হৈছে।

যাৰফলত সাধাৰণ ৰাইজে একো সুবিধা ভোগ কৰিব নাপালে। সেইবাবে বি পি এফৰ একাংশ সৎ আৰু নিষ্ঠাবান কৰ্মী আজি অসন্তুষ্ট হৈ বি পি এফ দল ত্যাগ কৰি আমাৰ দলত যোগদান কৰিছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গবিন্দ বসুমতাৰীয়ে আৰু কয় যে বি টি চিত আমাৰ চৰকাৰ আহিলে আমি প্ৰথমে বি টি আৰ চুক্তিখন ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লম।

লগতে বি টি চি বাসীক এখন দুৰ্নীতি-ভ্ৰষ্টাচাৰ মুক্ত চৰকাৰ উপহাৰ দি সম-অধিকাৰ আৰু সম-উন্নয়ন দিয়া হ’ব বুলি কয়।

আজিৰ এই যোগদান সভাত প্ৰায় শতাধিক বি পি এফ কৰ্মীয়ে ইউ পি পি এল দলত যোগদান কৰাৰ লগতে গছেনপুৰ গাঁৱৰ যুৱ বি পি এফৰ সদস্য ৰবেট হাজদাও ইউ পি পি এল দলত যোগদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here