পাঠশালাত বানে ভঙা মথাউৰি-পথ পৰিদৰ্শন অতিৰিক্ত মুখ্য সচিব ছৈয়াদিন আব্বাছীৰঃ গড়কাপ্তানি আৰু জলসম্পদক যৌথভাৱে জৰীপ কৰি প্ৰতিবেদন প্ৰস্তুতৰ নিৰ্দেশ

প্ৰাগজ্যোতিষ বাৰ্তা, সৰুপেটাৰ পৰা ৰমিজ আলী, ১৬ জুলাইঃ গহিনপাৰাত প্ৰায় প্ৰতি বছৰে পহুমাৰা নৈয়ে মথাউৰি খহাই বান দুৰ্যোগৰ সৃষ্টি কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ গড়কাপ্তানি বিভাগৰ সৈতে জলসম্পদ বিভাগক যুটীয়া জৰীপ চলাই এখন বিস্তৃত কাৰ্য আঁচনি দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ছৈয়াদিন আব্বাছীয়ে।

১৪ জুলাইত পাঠশালা ভ্ৰমণ কৰি ভগ্ন মথাউৰি আৰু পথ পৰিদৰ্শন কৰাৰ অন্তত অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাত অসম চৰকাৰৰ জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী, তথ্য প্ৰযুক্তি আদি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে এই নিৰ্দেশ দিয়ে।

তেওঁ দুয়োটা বিভাগৰ অভিযন্তাক বিষয়টো যৌথভাবে অধ্যয়ণ কৰি স্থায়ী সমাধানৰ এটা সূত্ৰ উলিওৱাৰ পৰামৰ্শ দিয়ে।

তাৰবাবে প্ৰশিক্ষণ, অধ্যয়ন আদিৰ বাবে আৱশ্যকীয় সকলো সুবিধা প্ৰদান কৰাৰ বাবে আব্বাছীয়ে আশ্বাস প্ৰদান কৰে।

আনন্দৰাম বৰুৱা একাডেমীৰ সভাগৃহত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত অঞ্চলটোৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰো তেওঁ খতিয়ান লয় আৰু প্ৰয়োজনীয় দিহা পৰামৰ্শ আগবঢ়ায়।

তেওঁ বিভাগটোত খালী হৈ থকা কনিষ্ঠ অভিযন্তাৰ পদসমুহ অতি শীঘ্ৰে পূৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা বুলি আব্বাছীয়ে জানিবলৈ দিয়ে।

সভাৰ আৰম্ভণীতে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়াগৰাকীক ফুলাম গামোচা আৰু শৰাইৰে আদৰণি জনায়।

গহিনপাৰাৰ ভঙা পথ আৰু মথাউৰি পৰিদৰ্শন কালত উপায়ুক্তগৰাকীৰ লগতে মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা মুকুট ডেকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

পৰ্যালোচনা সভাত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তই পাৱাৰ প্ইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা সমস্যা আৰু আঁচনিৰ কাৰ্য-ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে বাখ্যা দাঙি ধৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here