মাজ নিশা সাংবাদিক আটক কৰা কাৰ্যক গৰিহণা গুৱাহাটী প্ৰেছ ক্লাৱৰ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৭ জুলাইঃ ডি ৱাই ৩৬৫ ৰ ধুবুৰীৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাক মাজনিশা আটক কৰা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।

মাজনিশা ৰাজীৱ শৰ্মাক ঘৰৰ পৰা আটক কৰাৰ পিছতেই সাংবাদিক শৰ্মাৰ পিতৃৰ আকস্মিক বিয়োগৰ ঘটনাত শোক প্ৰকাশ।

শেহতীয়াকৈ চোৰাং গৰু সৰবৰাহ আৰু গৰুৰ ছিণ্ডিকেটৰ বাতৰি ধাৰাবাহিকভাৱে যুগুত কৰি থকা ৰাজীৱ শৰ্মা তদন্তৰ নামত যাতে কোনো কাৰণতে যাতে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো আহ্বান জনাইছে।

সমান্তৰালভাৱে গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদাৰক কৰাৰ বাবে এক প্ৰেছ বিজ্ঞপ্তি যোগে আহ্বান জনাইছে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here