প্ৰাক্তন ছাত্ৰ নেতা হবিবুৰ ৰহমানৰ(দুলু) বিয়োগত শোক প্ৰকাশ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৮ জুলাইঃ সংবাদদাতা, মনীষা শৰ্মা: মহানগৰীৰ ইছলামপুৰ নিবাসী প্ৰাক্তন ছাত্ৰ নেতা, বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হবিবুৰ ৰহমানে (দুলু) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ৯ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ৷ শুকুৰবাৰে মহানগৰীৰ উলুবাৰীস্থিত কৱৰস্থানত ৰহমানৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

ছাত্ৰ অৱস্থাৰ পৰাই হবিবুৰ ৰহমানে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ লগতে জড়িত থকৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল৷ তেওঁ উলুবাৰী কৱৰস্থান সমিতিৰো বিষয়-ববীয়া আছিল৷ ‘সতীৰ্থ গুৱাহাটী’ৰ সভাপতি মহেন্দ্ৰ গগৈ, সাধাৰণ সম্পাদকদ্বয় কৰেন্দ্ৰ কলিতা আৰু প্ৰিন্স ফাইজুল হকে হবিবুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

সদৌ গুৱাহাটী ছাত্ৰ সন্থাই তেওঁলোকৰ প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷

আনহাতে প্ৰাক্তন আছু নেতা, অসম আন্দোলনকাৰী তথা অধিবক্তা নেকিবুৰ জামান আৰু প্ৰাক্তন আছু নেতা নুৰুল হকে হবিবুৰ ৰহমানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন সতীৰ্থগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ হবিবুৰ ৰহমানৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here