ভৱানীপুৰ সমষ্টিৰ কহৰা গাঁৱত গৰাখহনীয়া পৰ্যবেক্ষন কংগ্ৰেছ নেতাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, সৰুপেটাৰ পৰা ৰমিজ আলি, ১৮ জুলাইঃ ৰাজ্যত বান পৰিস্থিতি আজিও অপৰিবৰ্তিত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ ১৭ জুলাইত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে অসমৰ বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ সৰুপেটা অঞ্চলৰ কহৰা গাঁৱত আহি উপস্থিত হয়।

এই অঞ্চল সমূহত উপস্থিত হৈ প্ৰথমে কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশাৰ লগতে পীড়িত ৰাইজৰ খবৰ লয়।

বৰপেটা জিলাখনৰ প্ৰায়বোৰ অঞ্চলৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ পৰ্যবেক্ষণ কৰে বুলিও জনায়।

লগতে উপস্থিত সৰুক্ষেত্রীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান প্ৰদেশ কংগ্ৰেছৰ নেতা মানস বৰা,দ্বীপ বায়ন, কিশোৰ ভট্টাচাৰ্য্য, নিপেন ঠাকুৰীয়া আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি সান্তুনু শৰ্মা, ভৱানীপুৰ ব্লক কংগ্ৰেছ সভাপতি ইছমাইল হুছেইন,সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ নামনি অসমৰ মাণ্ডলীক সমন্বয়ক দক্ষ কলিতা, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিন্টু তালুকদাৰ বৰপেটা জিলাৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ সমূহ কৰ্মী আদিকে ধৰি দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here