মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ বিধস্ত পথে জীয়াতু ভোগাইছে মুদৈবিলবাসীক

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২০ জুলাইঃ মুখ্যমন্ত্ৰী সমষ্টিৰ মাজুলীৰ উজনী মাজুলী উন্নয়ন খণ্ডৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ মূদৈবিল-নৱৰতপুৰ গাঁৱৰ মাজত থকা বিধস্ত পথটোৱে দুৰ্ভোগ ভোগাইছে গাঁওবাসীক।

প্ৰতিবছৰে বাৰিষাৰ সময়ত পথৰ কদৰ্য অৱস্থাৰ বাবে দুৰ্ভাগ্যজনকভাৱে স্থানীয় ৰাইজে চাইকেল এখন লৈয়ো পাৰ হ’ব নোৱাৰে উক্ত পথটোৱেদি।

চলিত বছৰত মুদৈবিল চাৰিআলিৰ পৰা গাঁৱৰ মাজলৈকে পকীকৰণ হ’ল যদিও মাজতে প্ৰায় ৫০০ মিটাৰ পথ আজি পৰ্যন্ত পকীকৰণ নহ’ল যাৰ বাবে এজাক বৰষুণ দিলেই উক্ত পথটোৰে যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হয় সাধাৰণ জনতা।

ভূক্তভোগী সচেতন ৰাইজৰ অভিযোগ যে নিৰ্বাচনৰ সময়ত মন্ত্ৰী বিধায়কে ভোট বিচাৰি আহি পথটো পকীকৰণ কৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল।

সংবাদ মাধ্যমৰ জৰিয়তে গাঁওবাসীৰ আহ্বান জনায় যে বিজেপি চৰকাৰে সময় থাকোতেই পথটোৰ শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা কৰক।

অন্যথা আগন্তুক নিৰ্বাচনত ইয়াৰ উত্তৰ দিয়া হ’ব বুলিও সকীয়াই দিয়ে

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here