প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২০ জুলাইঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঘাত প্ৰাপ্ত এগৰাকী মহিলা পৰি থকাৰ সম্ভেদ পাই ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত মহিলা গৰাকীক ১০৮ ৰ সহায়ত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশাই অচিনাক্ত মহিলাগৰাকীক চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
প্ৰায় ষাঠি বছৰীযা মহিলা গৰাকী মিঠা বৰণীয়া হোৱাৰ লগতে শাৰী পৰিহিত আছিল।
আনহাতে অচিনাক্ত মহিলা গৰাকীৰ মূৰ আৰু সোঁ ভৰিত আঘাটৰ চিন ষ্পষ্ট হৈ থকাৰ লগতে আৰক্ষীই কোনো গাড়ীয়ে খুন্দা মাৰি আঘাত প্ৰাপ্ত কৰা বুলি আৰক্ষীই সন্দেহ প্ৰকাশ কৰিছে।
বৰ্তমান উক্ত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত চিকিৎসালয়খনৰ মৰ্গতে ৰাখি থোৱা বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে।