চি বি এছ ইৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৮.২ শতাংশ নম্বৰেৰে মাজবাটলৈ সুনাম কঢ়িয়াই আনিছে খুচুৰাবাৰী গাঁৱৰ বিদিশা শিৱমে

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ২১ জুলাইঃ অলপতে ঘোষণা হোৱা চি বি এছ ইৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৮.২ নম্বৰ লাভ কৰি মাজবাটলৈ সুনাম কঢ়িয়াই আনিছে মাজবাটৰ খুচুৰাবাৰী গাঁৱৰ বিনা নাথৰ একমাত্ৰ জীয়ৰী বিদিশা শিৱমে ।

এই লৈ আজি বি টি চিৰ ওদালগুৰি জিলা নাথ যোগী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক যতীন নাথে কেইবাজনো সতীৰ্থক লৈ বিনা নাথৰ ঘৰত উপস্থিত হৈ বিদিশা শিৱমক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।

বিদিশা শিৱমে মঙ্গলদৈ কে বি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল।

ভবিষ্যতে এজনী ভাল বিজ্ঞানী হোৱাৰ সপোন পুহি ৰখা বিদিশা শিৱমক পঢ়াৰ ক্ষেত্ৰত যিকোনো সমস্যাৰ সন্মুখীন হ’লে বি টি চি নাথ যোগী ছাত্র সন্থাৰ তৰফৰ পৰা সহায় কৰা হ’ব বুলি যতীন নাথে কয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here