প্ৰাগজ্যোতিষ বাৰ্তা,নলবাৰীৰ পৰা কুলদীপ গৌতম শৰ্মা, ২১ জুলাইঃ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ২০ জুলাইত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত পথচাৰীৰ মাজত পাঁচ শতাধিক মাস্ক বিতৰণ কৰা হয়৷
মাস্ক বিতৰণ কৰি পৰিবেশ প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাসে ক’ৰ’ণা ভাইৰাছৰ বাবে ৰক্ষা পাবলৈ তেওঁ সকলোকে মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়৷
কাৰ্যসূচীটোত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নিপজ্যোতি মেধি, সমাজসেৱক ৰাজীৱ দাস, গোবিন্দ কলিতা, সংবাদকৰ্মী প্ৰাণজিৎ চক্ৰৱৰ্তী আদি উপস্থিত থাকি সহায় সহযোগ কৰে৷
Facebook Comments