ৱেবিনাৰৰ(Webinar)মাধ্যমেৰে বিশিষ্ট সংস্কৃত পণ্ডিত, অনুবাদক কৃষ্ণকান্ত সন্দিকৈৰ ওপজা দিন পালন

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২১ জুলাইঃ অসম সাহিত্য সভাৰ ১৯৩৭ চনৰ গুৱাহাটী অধিবেশনত সভাপতিত্ব কৰা বিশিষ্ট সংস্কৃত পণ্ডিত তথা অনুবাদক কৃষ্ণকান্ত সন্দিকৈৰ ওপজা দিনটো অনন্য ৰূপত যৌথভাৱে পালন কৰে মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভা আৰু নগাঁওৰ আলিপুখুৰী শাখা সাহিত্য সভাই ৷

পদ্মশ্ৰী, পদ্মভূষণ আৰু অসম সাহিত্য সভাৰ ‘সদস্য মহীয়ান’ সন্মানেৰে বিভূষিত হোৱা শিক্ষাবিদগৰাকীৰ সোঁৱৰণত আয়োজিত হোৱা এখন গাম্ভীৰ্যপূৰ্ণ ‘ৱেবিনাৰ(Webinar)সাহিত্য সন্মিলন’ত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ উপসভাপতি কৰুণাকান্ত শৰ্মা আৰু মাজুলী জিলা সাহিত্য সভাৰ নবনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্যগৰাকীৰ অসমীয়াৰ জনজীৱনত চিন্তা-চৰ্চাৰ ওপৰত আলোকপাত কৰি মুখ্য বক্তাৰ ভাষণ আগবঢ়ায় ৷

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁতধৰা বিশেষ অনুস্থানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই ৷

মাজুলী জিলা সাহিত্য সভাৰ বিদায়ী সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়াই, মাজুলী জিলা সাহিত্য সভা আকাশ সমিতিৰ আহ্বায়িকা কৌশল্যা বায়ন হাজৰিকা, কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি কনক চন্দ্ৰ বৰুৱা, সহকাৰী সম্পাদিকা কৃষাৰাণী বৰুৱা, গাৰ্গী ভূঞা আৰু অংকুৰিতা ফুকন প্ৰমুখ্যে বহুকেইজন কবি-লেখকৰ কথা-কবিতাৰে জীপাল হোৱা অনুষ্ঠানটিত গীত পৰিৱেশন কৰে কুঁহি সমিতিৰ আহ্বায়িকা ৰুণমণি শইকীয়া, ভৱানী নাথ শইকীয়া আৰু সাগৰিকা নাথে ৷

সাম্প্ৰতিক সময়ত ক’ৰ’ণাই ছানি ধৰা সমাজখনত শাৰীৰিক উপস্থিতি বৰ্জনেৰে অত্যাধুনিক ৱেবিনাৰৰ মাধ্যমত প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয়কগৰাকীক সুঁৱৰি সফল ৰূপায়ণ কৰা ব্যতিক্ৰমী প্ৰয়াসৰ শলাগ লয় অংশগ্ৰহণকাৰীসকলে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here