চামগুৰিত ভাতৃৰ হাতত মৃত্যু এজনৰ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৫ জুলাইঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালিত সংঘটিত হোৱা এক গৃহ কন্দলৰ পৰিণতিত আজি এজন লোকে মৃত্যুক সাৱটিব লগা হয়৷

সহোদৰ ভাতৃৰ বাঁহ খৰিৰ কোবত মৃত্যু হোৱা লোকজন সোনাৰিবালি নিবাসী ছফিকুল ইছলাম(৪০)৷

জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোনাৰিবালি নিবাসী ছফিকুল ইছলামৰ সৈতে নিজৰ ককায়েক ৰফিকুল ইছলাম আৰু ভায়েক ছাদ্দাম হুছেইনৰ মাটি-বাৰীক লৈ দীৰ্ঘ দিনৰে পৰা মনোমালিন্য চলি আছিল৷

উক্ত মনোমালিন্যৰ মাজেৰে কাজিয়াৰ সূত্ৰপাত হৈ যোৱা ১৮ জুলাইৰ নিশা প্ৰায় ৯ মান বজাত ককায়েক ৰফিকুল ইছলাম আৰু ভায়েক ছাদ্দাম হুছেইনে ছফিকুল ইছলামক বাঁহ খৰিৰে প্ৰহাৰ কৰে৷

গুৰুতৰভাৱে আহত ছফিকুলক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ নগাঁৱলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷

আনহাতে উক্ত ঘটনা সন্দৰ্ভত অভিযুক্ত ৰফিকুল ইছলাম আৰু ছাদ্দাম হুছেইনৰ শাস্তিৰ দাবীত পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

ইতিমধ্যে ছফিকুলক চিকিৎসকে গুৱাহাটীৰ পৰা ঘৰলৈ পঠাই দিয়াৰ পাছতে যোৱা নিশা প্ৰায় ৭-৩০ মান বজাত নিজ বাসগৃহতে ছফিকুলৰ মৃত্যু হয়৷

ঘটনা সংঘটিত কৰা অভিযুক্ত দুই ভাতৃ সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি চামগুৰি আৰক্ষীয়ে জানিবলৈ দিয়াৰ লগতে অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

Facebook Comments

1 COMMENT

  1. I and also my guys appeared to be checking out the great advice located on the website and suddenly I got a terrible feeling I never thanked the site owner for those techniques. These young men are actually consequently warmed to see them and now have truly been making the most of these things. Many thanks for really being simply kind as well as for finding certain wonderful subjects millions of individuals are really eager to be informed on. Our own honest regret for not saying thanks to sooner.

LEAVE A REPLY

Please enter your comment!
Please enter your name here