বৰপেটা জিলা আমছু আৰু শংকৰ-আজান ৰুৰেল ডেভেলপমেন্ট ছ’চাইটিৰ উদ্যোগত বান সাহায্য বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা, বৰপেটাৰ পৰা মফিদুল হক, ২৫ জুলাইঃ সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আব্দুল জুব্বাৰ আলীৰ নেতৃত্বত এটি সজাতি দলে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪৩ নং দক্ষিণ পাকা গাঁও পঞ্চায়তৰ এলেকাধীন তেলেৰীয়া-নলীৰপাম অঞ্চলত বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ ঘৰে ঘৰে নৌকাৰে গৈ বান সাহায্য বিতৰণ কৰে।

আনহাতে উক্ত বান সাহায্য বিতৰণত উদ্যোগ গ্ৰহণ কৰে এনজিঅ’ শংকৰ-আজান ৰুৰেল ডেভেলপমেন্ট ছ’চাইটিৰ সচিব আব্দুল জলিলে।

আমছু আৰু শংকৰ-আজান ৰুৰেল ছ’চাইটিৰ উদ্যোক্তাসকলে বানৰ কৱলত পৰা ৰাইজৰ অৱস্থাৰ বুজ ল’বলৈ¸ চৰকাৰ¸ স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিক আহ্বান জনায়।

দলটোৱে লগতে পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য, শিশু খাদ্যৰ লগতে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।

বান সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বৰপেটা জিলা আমছুৰ উপ-সভাপতি ক্ৰমে ৰহিদুল শিকদাৰ আৰু ছামিম খান, সাধাৰণ সম্পাদক দেৱান আব্দুল্লা, আমছুৰ জয়পুৰ বাজাৰ আঞ্চলিক সমিতি সভাপতি শৰিফুল ইছলাম, কাৰ্যকৰী সভাপতি বাবুল হুছেইন¸ শংকৰ আজান ৰুৰেল ডেভেলপমেন্ট ছ’চাইটিৰ সচিব আব্দুল জলিল¸ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদৰ সৈতে কেইবাগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে।

উদ্যোক্তাসকলে চিৰা¸ চেনী¸ চেৱাই¸ বিস্কুট আৰু পানীৰ বটল আদি বিতৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here