বৰ্তমান যুৱ সমাজত ভাঙৰ প্ৰভাৱ

ঋতুৰাজ ফুকন

বৰ্তমান আমাৰ যুৱ প্ৰজন্ম সকলেই আমাৰ দেশৰ ভৱিষ্যত। উঠি অহা যুৱ প্ৰজন্ম সকল ভাল দিশত ধাৱমান হ’লেহে এখন সুন্দৰ সবল সমাজৰ আমি আশা কৰিব পাৰো, কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যুৱসমাজৰ ওপৰ বিভিন্ন নিচাযুক্ত দ্ৰব্যই এক প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিছে। যি সময়ত প্ৰশাসনে কিছুমান বিশেষ নিচাযুক্ত দ্ৰব্য বন্ধ কৰাত ব্যস্ত হৈ পৰিছে; ঠিক সেই সময়তে আন কিছুমান নিচাযুক্ত দ্ৰব্যই আমাৰ সমাজখন চানি ধৰিছে। বৰ্তমান যুৱ সমাজখনৰ মাজত অত্যাধিক জনপ্ৰিয় নিচাযুক্ত দ্ৰব্যবিধ হ’ল ভাং (যুৱ সমাজৰ মাজত বাবা বুলি পৰিচিত)। ভাং খোৱা প্ৰৱণতা ইমানেই বৃদ্ধি পাইছে যে উঠি অহা স্কুলীয়া ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি কলেজ, বিশ্ববিদ্যালয়ৰ আদি বিভিন্ন স্তৰৰ যুৱপ্ৰজন্মক ই গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান গাঁও, নগৰ সমূহৰ যুৱপ্ৰজন্ম সকলৰ মাজত ভাং খোৱাৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হ’ব ধৰিছে। সাম্প্ৰতিক সময়ত এই নিচাযুক্ত দ্ৰব্য বিধৰ কবলত পৰি যুসমাজে বিভিন্ন সমাজবিৰোধী কাম জড়িত হোৱা দেখিবলৈ পোৱা যায়। এই নিচাযুক্ত দ্ৰৱ্য বিধ সেৱন কৰাৰ ফলত যুৱ প্ৰজন্মসকল মানসিকভাবে আৰু শাৰীৰিকভাবে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নিজৰ ঘৰখন আৰু সমাজখনৰ বাবেও এক অশনি সংকেত কঢ়িয়াই আনিছে। আজিৰ যুৱ সমাজত যেন ভাং খোৱাটো এক নতুন ষ্টাইললৈহে ৰূপান্তৰিত হ’ব ধৰিছে; ভাঙৰ নিচাত মাতাল হ’লে তেওঁলোকৰ মাজত এজন শিল্পীয়ে প্ৰাণ পাই উঠিব তেনে কিছুমান অবাস্তৱ ধাৰণাও যুৱপ্ৰজন্ম সকলৰ মাজত গা কৰি উঠিব ধৰিছে ভাং খালে বা ভাঙৰ নিচাসক্ত এজন ব্যক্তিৰ মাজত কেতিয়াও শিল্পীৰ সৃষ্টি হ’ব নোৱাৰে বা কাৰোবাৰ মাজত শিল্পীসুলভ ব্যক্তিত্বই প্ৰাণ পায় নুঠে; বৰঞ্চ ইয়াৰ দ্বাৰা সৃষ্টি হয় এজন নিচাযুক্ত ৰোগীহে। বৰ্তমান সময়ত গাঁও, নগৰ অঞ্চলত থকা বিভিন্ন সৰু-বৰ দোকানৰ ভাং দ্ৰব্যবিধৰ সহজলভ্য হোৱালৈ লক্ষ্য কৰি যুৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰতাক অনুমান কৰিব পৰা যায়। ভাং খোৱাৰ প্ৰৱনতা পূৰ্বতেও আছিল, কিন্তু বৰ্তমান সময়চোৱাত যুৱ সমাজে এই দ্ৰব্যবিধ যি ধৰণে আকোৱালি লৈছে ইয়াৰ ফলত এটা কথা নিশ্চিত যে এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত ই এক বাধাৰ প্ৰাচিৰ হৈ থিয় দিব। ভাং খোৱা এই ভয়ানক প্ৰৱণতাৰ বিৰুদ্ধে সমাজৰ প্ৰতিজন সচেতন ব্যক্তি জাগৃত হোৱাৰ সময় আহি পৰিছে। এই খন্তেকীয়া নিচাৰ কবলৰ পৰা মুক্ত হৈ এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি অগ্ৰসৰ হোৱাৰ প্ৰয়োজন। ভাঙৰ নিচাত ডুব গৈ থকা একন সমাজ হয়তো আমি কোনেও কাম্য নকৰো। বৰ্তমান সময়ত আমাৰ সমাজত ভাং যে যি ধৰণে ব্যাপকতা লাভ কৰিব ধৰিছে; ঠিক এনেদৰেই যদি আমাৰ সমাজখন চলি থাকে তেন্তে পঞ্জাৱত ড্ৰাগছৰ ভয়াবহতাক লৈ নিৰ্মাণ কৰা ‘উড়তা পঞ্জাব’ বোলছবিখনৰ দৰে আমাৰ অসমতো ‘ভাং’ৰ ভয়াবহতাকলৈ তেনেধৰণৰ বোলছবি নিৰ্মাণ কৰা প্ৰাসংগিকতা নিশ্চয় অনাগত সময়ত আহিব পৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here