অসমৰ কীৰ্তিচিহ্নই ৰিঙিয়াই

সিদ্ধাৰ্থ গগৈ

কীৰ্তিচিহ্ন বুলি ক’লে আমি বুজি পাঁও আমাৰ অতীতৰ বিভিন্ন ইতিহাস সন্নিৱিষ্ট হৈ থকা পৌৰাণিক স্মৃতি সৌধ, মন্দিৰ, ৰাজ প্ৰসাদ, মৈদাম, গঁড় ইত্যাদি সমূহ। কীৰ্তিচিহ্ন সমূহৰ  নিৰ্মাণৰ বহু শ বছৰ পুৰণি। এই সমূহ বৰ্তমান সময়ত আমাৰ গৌৰৱ কিন্তু বৰ্তমান সময়ত প্ৰায় লুপ্তপ্ৰায় অৱস্থাত কিছু সংখ্যক কীতিচিহ্ন। এই কীৰ্তিচিহ্ন সমূহ যদি এদিন নাইকিয়া হৈ যায় আমাৰ গৌৰৱৰ স্থল প্ৰায় চলা নোহোৱা হ’ব।

দেশী-বিদেশী পৰ্যটকে বিভিন্ন সময়ত ভিৰ কৰেহি এই কীৰ্তিচিহ্ন সমূহ চাবৰ বাবে। কিন্তু বৰ্তমান সময়ত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে। অসমত ইয়াৰ একমাত্ৰ কাৰণ হৈছে লুপ্ত প্ৰায় অৱস্থা। মন কৰিলে দেখা যায় যে অসমৰ প্ৰায় সংখ্যক কীৰ্তিচিহ্নৰ অৱস্থা অতি পুতৌজনক। কাৰো দৃষ্টি গোচৰ নহয় এই বিষয়ে। সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি বৰমূৰীয়াসকলৰ সকলোৰে এক কৰ্ত্তব্য হৈছে এই সমূহ সংৰক্ষণ কৰা। এক চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে–এই কীৰ্তিচিহ্ন সমূহ। কীৰ্তিচিহ্ন সমূহে যেন এক পৰ্যায়ত চিঞৰি উঠে। সংৰক্ষণৰ নামৰ দালাল শ্ৰেণীয়ে এক প্ৰকাৰৰ এই কীৰ্তিচিহ্ন সমূহক সময়ে সময়ে ধৰ্ষণ কৰি আহিছে। সাধাৰণ জনতা নিষ্ঠুৰতাৰ বলিও হৈছে এই পৌৰাণিক কীৰ্তিচিহ্ন সমূহ। প্ৰায় সকলো কীৰ্তিচিহ্ন বৰ্তমান সময়ত ধবংসৰ পথত।

বিভিন্ন কীৰ্তিচিহ্নৰ ভিতৰত ৰাজ মৈদাম সমূহ, মন্দিৰ সমূহ, গঁড়সমূহ এক প্ৰকাৰৰ অৱহেলাৰ বলি হৈ আহিছে। একাংশ মৈদামত কৰা দানৱীয় অত্যাচাৰৰ ফলত বৰ্তমান সময়ত মুঠ এশ পঞ্চাশ টা মৈদামৰ ভিতৰত প্ৰায় ত্ৰিশটা মৈদাম বৰ্তমান সময়ত সুৰক্ষিত বুলিব পাৰি। বুলিব পাৰি। ই এক অত্যন্ত লজ্জাৰ বিষয়। ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰৰ যি বৰ্তমানৰ অৱস্থা ই অতি দুখজনক কোনো ঠাইত যদি বেৰত চিৰালফাঁট কোনো ঠাইত প্ৰেমিক প্ৰেমিকাৰ নাম সন্নিৱিষ্ট।

ঠিক তেনেদৰে বিভিন্ন মন্দিৰ সমূহত বেৰত থু-খেকাৰ আৰু পিকৰ চেকুঁৰা ই এক প্ৰকাৰৰ অনমনীয় পৰ্যায়। সহ্যৰ বাহিৰত অহা কিছুমান কাৰ্য যেনে নুমলীগড়, লাচিতগড় ইত্যাদি সমূহ প্ৰায় নিচিহ্ন হৈ পৰাতো। এক প্ৰকাৰৰ পাশৱিক অত্যাচাৰ চলাইছে এই গঁড় সমূহৰ ওপৰত। কাটি কাটি প্ৰায় নিশেষ কৰিছে এই কীৰ্তিচিহ্ন সমূহ। ঠিক তেনেদৰে উমানন্দ মন্দিৰৰ অৱস্থা অতি গুৰুত্বপূৰ্ণ; ২০১৬ বৰ্ষত অহা ভূমিকম্পৰ ফলত উমানন্দ মন্দিৰৰ বেৰত যি ফাঁক হৈছিল তাৰো ঠিক পৰ্যায়ত মেৰামতি হোৱা দেখিবলৈ পোৱা নাই। এক প্ৰকাৰে সকলোৱে মিলি মহম্মদ ঘোঁৰীৰ দৰে লুণ্ঠন চলাইছে এই কীৰ্তিচিহ্ন সমূহত। ভৱিষ্যতৰ উত্তৰ পুৰুষৰ বাবে কীৰ্তিচিহ্ন যে কীৰ্তিচিহ্ন ৰূপত থাকিব তাত সন্দেহৰ অৱকাশ আহি পৰিছে। এক প্ৰকাৰৰ অশনি সংকটে চুই গৈছে মনত। উত্তৰ পুৰুষৰ বাবে হয়তো এক সময়ত এই এক কিতাপৰ লেখনি হিচাপে থাকি যাব চাক্ষুষ আকাৰত হয়তো বহুদিনৰ বাবে উপলব্ধ নহ’ব। এই কীৰ্তিচিহ্ন সংৰক্ষণ নকৰিলে অসম বুলি ক’বলৈ মাত্ৰ নিৰ্দিষ্ট কিছুমান বস্তুৰ বাহিৰে আৰু একো নাথাকিব। সকলোৱে মিলি একগোট হৈ মাৰ বান্ধি থিয় দিলে হয়তো কিছু পৰিমাণে এই সমূহৰ সংৰক্ষণ হ’ব বুলি ক’ব পাৰি। গতিকে সময় হৈ পৰিছে চৰকাৰ, বৰমূৰীয়াসকল, সাধাৰণ জনতা আৰু বিভাগ সমূহৰ এই সমূহ কীৰ্তিচিহ্ন সংৰক্ষণ কৰাটো, যাতে ভৱিষ্যত প্ৰজন্মই ক’ব পাৰে মই অসম প্ৰদেশৰ নাগৰিক।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here