শিৱসাগৰ জিলা বকতা নেমুগুৰি আৰক্ষীৰ বৃহৎ সফলতাঃ দুটা গভাইত গৰু চোৰ আটক

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৮ জুলাইঃ শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি আৰক্ষী চকীত নতুনকৈ দায়িত্ব গ্ৰহণ কৰা আৰক্ষী বিষয়া লালা আলীৰ নেৰ্তৃত্বত যোৱা এটি আৰক্ষী দলে ডিমৌ আৰক্ষী চকীৰ অন্তৰ্গত ৰাজমাইৰ ঘৰৰ পৰা আতক কৰে বিভিন্ন ঠাইত গৰুচুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুটাকৈ গভাইত গৰু চোৰক।

আতক কৰা গৰু চোৰ দুটা হৈছে ৰাজমাইৰ ইকবাল আলী আৰু মবিনুৰ ৰহমান।

উল্লেখ যে, কিছুদিন পূৰ্বে বকতা পাৰিজাত গাঁৱত কেইটামান গৰুৰ সৈতে এখন বিলাসী বাহন স্থানীয় ৰাইজৰ সহযোগত বকতা নেমুগুৰি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল।

উক্ত বাহনৰ ভিত্তিত তথা আৰক্ষী বিষয়া লালা আলীৰ সবল নেৰ্তৃত্বৰ বাবে এই অভিযানে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here