ৰাজস্থানত কংগ্ৰেছৰ শাসন অন্ত পৰাৰ দিশেঃ অশোক গেহলক পাঠ শিকাব মায়াবতীয়েঃ ৰাজস্থান যুদ্ধত সোমাই পৰিল মায়াবতী

প্ৰাগডেস্ক, ২৮ জুলাইঃ ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটক “বিধায়ক চুৰি” কৰাৰ বাবে ‘পাঠ’ শিকাব বুলি, বহুজন সমাজ পার্টি (বিএসপি) নেতা মায়াবতীয়ে আজি সতর্ক কৰি দিছে। মায়াবতীয়ে তেওঁৰ দলৰ ছয় বিধায়কক চুৰি কৰাৰ বিৰুদ্ধে চুপ্রিম কোর্টলৈ যাব বুলি সকীয়নি দিছে। বিএছপিৰ ছয় জনীয়া দলটিয়ে যোৱা বছৰ কংগ্রেছত যোগদান কৰিছিল।

বৰ্খাস্ত হোৱা উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ বিদ্রোহৰ পিচত বিধানসভাত অশোক গেহলটৰ নেতৃত্বৰ চোক যথেষ্ট হ্ৰাস পাইছে। ২০০ সদস্যৰ ৰাজস্থান বিধানসভাত তিনি ১০১ সদস্যৰে মাত্ৰ এজন এম এল এ ৰেহে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাতকৈ আগুৱাই আছে।

ছেপ্টেম্বৰত কংগ্রেছে ৰাজস্থান বিএছপিৰ ছয় বিধায়কক সন্নিবিষ্ট কৰিহে তেওঁলোকৰ সংখ্যা নিৰাপদ কৰিছিল।

বিজেপি নেতা মদন দিলোৱাৰে এই একত্ৰিকৰণৰ বিৰুদ্ধে ৰাজস্থান হাইকোর্টত আবেদন কৰিছিল।আবেদনখনত যুক্তি দিয়া হৈছে যে বিএছপি এটা জাতীয় দল, গতিকে মাত্র এখন ৰাজ্যত আইনতঃ কংগ্ৰেছেৰে মিলিত হ’ব নোৱাৰিব।

সেই একে সুৰতে আজি মায়াবতীয়েও কংগ্ৰেছ দল অথবা মুখ্যমন্ত্ৰী অশোক গেহলটক শিক্ষা এটা দিয়াৰ কথা দোহাৰিছে।

একেখন সংবাদ মেলতে মায়াবতীয়ে তেওঁৰ দলৰ সদস্যকেইজনক গেহলটৰ বিৰুদ্ধে ভোট প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে, ইয়াৰ ব্যতিৰেকে বিধায়ককেইজনৰ যগ্যতা খাৰিজ কৰাৰ হেতু প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও দোহাৰিছে।

তেওঁ আৰু কয় যে এইক্ষেত্ৰত তেওঁ আগতেও আদালতৰ দ্বাৰস্থ হ’ব পাৰিলেহেঁতেন কিন্তু কংগ্ৰেছক উচিত শিক্ষা দিয়াৰ উচিত সময়লৈ অপেক্ষা কৰিলে। এইক্ষেত্ৰত তেওঁ আৰু কোনো কাৰণতেই পিচ নোহোহকে বুলি দোহাৰে সংবাদমেলখনত।

মায়াবতীয়ে কয় যে তেওঁ প্ৰকাৰন্তৰে ৰাজস্থানত বিনা স্বৰ্তে কংগ্ৰেছক সমৰ্থন দিছিল, কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী গেহলতে বিএছপিৰ ক্ষতি কৰিবলৈ যথেষ্ট অপচেষ্টা চলোৱা পৰিলক্ষিত হ’ল। অতএৱ তেওঁ কংগ্ৰেছ অথবা গেহলটক এটা পাঠ শিকাবই।

মায়াবতীৰ এই যুঁযুধান স্থিতিয়ে যে, ৰাজস্থানত কংগ্ৰেছক শলঠেকত পেলাব সেয়া নিশ্চিত। হয়তো অতিশীঘ্ৰেই ৰাজ্যখনত কংগ্ৰেছ শাসনৰ অন্ত পৰাৰ নিশ্চিত ইংগিত এয়া।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here